পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৮৩
 


পৰা অহাৰ সময়তে তেঁওৰ ভনীয়েক চন্দ্ৰহাস নামে পুত্ৰে সৈতে গুৱাহাটীলৈ গল। সদৰ দেৱানী আৰু নিজামত আদালতৰ নিষ্পত্তিৰ অধিকাংশ গবৰ্ণমেণ্টৰ সাহায্যে প্ৰতিমাহে ইংৰাজী ভাষাত ছাপা হৈ সকলো আদালত আৰু সাধাৰণৰ ওচৰত প্ৰচাৰিত হৈছিল। বঙ্গলা ভাষাত সেই নিষ্পত্তি প্ৰকাশিত নোহোৱাত সাধাৰণৰ পক্ষে সেই উচ্চ বিচাৰ স্থূলৰ বিচাৰক সকলৰ নিষ্পত্তি আৰু মত জনা কঠিন আছিল। সেই অভাৱ গুচাবৰ কাৰণ আনন্দৰাম ফুকনে সদৰ দেৱানীৰ নিষ্পত্তি বঙ্গলা ভাষাত ছপাই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিলে। নগাঁওত থকাৰে পৰা তেওঁৰ এই ইচ্ছা হল। পাচে ১৮৫০ চনৰ জানুৱাৰীৰ পৰা মাসিক নিষ্পত্তি বঙ্গলা ভাষাত অনুবাদ কৰি ছাপিবৰ নিমিত্তে কলিকতাৰ ৰোজাৰিও কোম্পানীৰ তলৈ পঠালে। প্ৰথমত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ নিষ্পত্তিবিলাক ছাপা হয়। বঙ্গলা ভাষাত নজীৰ বা নিষ্পত্তি পুস্তকৰ এই প্ৰথম জন্ম। এতিয়া অনেক নিষ্পত্তি ছাপা হৈছে কিন্তু আনন্দৰাম ফুকনৰ উদ্ভবিকাশক্তি আৰু চিন্তাই তাৰ জন্মৰ মূল কাৰণ।

 বৈশাখত ফুকন যেতিয়া আহিল তাৰ অল্প পাচতে বলৰাম ফুকনৰ পত্নী বিষ্ণুপ্ৰিয়৷, নবদুৰ্গা নামে এটী কন্যা থৈ মৃত্যু হয়। ।সেই বৈশাখতে গুৱাহাটীত মাৰীভয় আৰু আৰু তাতে ১১ জ্যৈষ্ঠত গঙ্গাৰাম বৰুৱাৰ মৰণ হয়। তাৰে কিছুদিন পাচত বলৰাম ফুকনৰ বৰ টান জ্বৰ হয়। সেই সমস্ত ঘটনাত ফুকন অতি দুখিত হল। বিজনী ৰজাৰ ৰায়তৰ মাটি পিয়ল কৰা আৰু বাকী খাজনা আদায় কৰা ইত্যাদি বিষয়ে যি বিৰোধ সেইটো স্থানীয় কাৰ্য্যকাৰকসকলৰ ওচৰত মীমাংসা নহল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ চাহাব; দুইও বিজনী ৰজাৰ বিপক্ষে আজ্ঞা দিলে। এই কাৰণে ফুকনে কলিকতাৰ সদৰ বোৰ্ড অব ৰেবিনিউলৈ আপীল আৰজী পঠালে।