পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
আনন্দৰাম ঢেকিয়াল
 


এই কৰ্ম্মত এই প্ৰথম প্ৰবেশ কৰিলে তথাপি তেওঁ অনায়াসে কৰ্ম্ম কৰিব পাৰিছিল। ইমান দূৰৈৰপৰা ফুকনে যিমান পাৰিছিল তিমান বিজনীৰ ৰজাৰ কাৰ্য্যৰ সহায়তা কৰিছিল। জানুৱাৰী মাহৰ আদিতে বটলৰ চাহাব নগা পৰ্ব্বতৰপৰা আহি ফুকনৰ পৰা জিলাৰ ভাৰ গ্ৰহণ কৰিলে। ইয়াত অনেক কুটুম্ব আৰু পূৰ্ব্ব পৰিচিত লোকসকলে সৈতে সাক্ষাৎ হৈছিল। কৰ্ম্ম তেওঁ একপ্ৰকাৰ সুখ্যাতিৰে কৰিলে। তিনিমাহ কৰ্ম্ম কৰি ফেব্ৰুৱাৰী মাহত ফুকন গুৱাহাটীলৈ গল। ইয়াৰ পূৰ্ব্বেই গোৱালপাৰাৰ চবএচিষ্টেণ্ট ড্ৰাইবৰ চাহাবে ডাক্তৰৰ চাৰ্টিফিকেট লৈ বিদায় লোৱাত ফুকন সেই চাহাবৰ কৰ্ম্মত একটীন নিযুক্ত হোৱাত তেওঁ গোৱালপাৰালৈ গল। গোৱালপাৰাৰ জামীৰা পৰগণা তেতিয়৷ চৰ্ব্বে পিয়ল হৈছিল। তাৰ চাঁদৰচড় নামে গাঁওৰ কেত- বিলাক গুৱালে সৈতে চৰ্ব্বে আফিচৰ কেতবিলাক মানুহৰ কিলা- কিলি হুৰামূৰাৰ মোকৰ্দ্দমা লাগে। সেই মোকৰ্দ্দমা অনুসন্ধান কৰিবলৈ ফুকন প্ৰেৰিত হল! তেওঁ তালৈ গৈ উত্তমৰূপ অনু- সন্ধান কৰি মাজিষ্ট্ৰেট চাহাবলৈ কাকত পঠালে। ৰঙ্গামটীয়া প্ৰতাপচন্দ্ৰ বৰুৱাৰ ঘূল্লা পৰগণাৰ প্ৰজাবিলাকে জমীদাৰে সৈতে বন্দোবস্ত বিষয়ে আপত্তি কৰাত মহা বিৰোধ হয়। সেই বিৰোধৰ অনুসন্ধানৰ ভাৰ ফুকনৰ ওপৰত অৰ্পিত হল। গোৱালপাৰা পুলিচৰ মহৰী ইম্তাজদ্দীন আৰু শ্যামাচৰণ মুকুৰ্য্যা নামে এজন আমোলা লৈ ফুকনে বিৰোধৰ প্ৰধান স্থল কালতোৰালৈ গল। তাত অনুসন্ধান শেষ কৰি ফুকন গোৱালপাৰালৈ আহিল। ড্ৰাইবৰ চাহাব পুনৰায় গোৱালপাৰালৈ অহাত তেওঁক চাৰ্জ্জ দি বিজনীৰ ৰজাৰ কিছু কাৰ্য্য কৰি তেওঁ বৈশাখত গুৱাহাটীলৈ আহিল।

 ইয়াৰ পূৰ্ব্বৰ পৌষত বলৰাম ফুকনৰ মাতৃ বিয়োগ হয়। তেতিয়া আনন্দৰাম ফুকনে নগাঁওত আছিল। তেঁও নগাঁওৰ