পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৮১
 


ফুকনৰ নিয়মাৱলী প্ৰতিপালিত হল। কিন্তু প্ৰজাৰ আৰু ৰজাৰ মাজত মূল বিষয়ে যি বিৰোধ সেইটোৰ মীমাংসা নহল। গোৱালপাৰাৰপৰা ফুকন গুৱাহাটীলৈ আহিল। ফুকনে ইংৰাজী ভাষাৰে আৰু আদালতৰ প্ৰচলিত ভাষাৰে সৰলৰূপে নানা হেতুবাদ আৰু আইন দেখুৱাই কালেক্টৰ আৰু কমিচনৰ চাহাবৰ তত দৰখাস্ত দিছিল।

 ১৮৫০ চনৰ অক্টোবৰত নগাঁৱৰ চবএচিষ্টেণ্ট কমিচনৰ ষ্টুং চাহাবে চাৰিমাহৰ বিদায়ৰ প্ৰাৰ্থনা কৰিলে। কমিচনৰ চাহাবে সেই চনৰ ৪ চেপ্টেম্বৰত ২৫৫ নং চিঠিৰে গবৰ্ণমেণ্টলৈ সেই কেইমাহৰ একটীনী কৰিবলৈ ফুকনক মনোনীত কৰি পঠালে। ফুকন তেতিয়া বিজনীৰ ৰজাৰ দেৱান থকা আৰু তেওঁৰ পৰীক্ষাৰ বিষয়েও উল্লেখ কৰিলে। কমিচনৰ চাহাবে ইয়াকো লেখিলে যে যদি ফুকনে একটীনী কৰ্ম্ম নকৰে তেনে- হলে জে, ডি, ব্ৰুচ চাহাবক নিযুক্ত কৰা হব পাৰে। গৱৰ্ণ- মেণ্টৰপৰা সেই চনৰ ১৯ অক্টোবৰৰ ১২৮৬ নং চিঠিৰে ফুকনক একটীন চবএচিষ্টেণ্ট নিযুক্ত কৰিলে। ফুকনে কমিচনৰ চাহাবৰ ১৮৫০ চনৰ ৩৩১ নং চিঠিৰে গবৰ্ণমেণ্টৰ হুকুম পাই সেই কৰ্ম্ম কৰিবলৈ সন্মত হল। সেই চিঠিতে ১০ নবেম্বৰৰপৰা চাহাবৰ বিদায় মঞ্জুৰৰ বিষয়ে লিখা হৈছিল। নিয়োগ পত্ৰ পাই ফুকনে খেল নাওৰে নগাঁওলৈ আহি ১১ নবেম্বৰত কৰ্ম্মৰ ভাৰ গ্ৰহণ কৰিলে। তাৰ পাচতে নগাঁও জিলাৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ বট্লৰ চাহাব নগা পৰ্ব্বতলৈ যাবলগীয়া হোৱাত ফুকনক জিলাৰ ত্ৰেজুৰী আৰু চলিত কৰ্ম্মৰ ভাৰ দিলে। নগাঁওত ফুকন চাৰ্কিট বঙ্গলাত থাকিল। কিন্তু তাৰ ওচৰতে সৰু সৰু কেইটামান ঘৰ সজাই তাতে খোৱা শোৱা কৰিছিল। বঙ্গলাত কেৱল পুৱা গধূলা বহি লিখা পঢ়া কৰিছিল। ফুকনৰ ভনীয়েক জখলা- বন্ধা-সত্ৰৰপৰা আহি ফুকনৰ লগতে কিছুদিন আছিল। যদিচ ফুকন