পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
আনন্দৰাম ঢেকিয়াল
 


জলকৰ, বনকৰ, খলজাত, গোড়কাটি, কাছাছড়াই প্ৰভৃতি মহলৰ বন্দোবস্ত কৰা আৰু খাজনা আদায় কৰাৰ নিয়ম ফুকনে পৰিপাটীৰূপ বিধান কৰিলে৷ পৰগণাত নায়েব, গোমাস্তা, মহৰী, তঙ্কি-নবীচ, জমা-নবীচ, সুমাৰ-নবীচ, তহচীলদাৰ প্ৰভৃতি কাৰ্য্যকাৰক সকলৰ প্ৰত্যেকৰ কৰ্ত্তব্য কাৰ্য্য নিৰ্দ্দিষ্ট কৰি দিলে। এই সকল নিয়ম ফুকনে গবৰ্ণমেণ্টৰ আইন আৰু চিৰস্ততাৰ নিয়মে সৈতে সমঞ্জস কৰি কৰিলে৷

 পৰগণাৰ স্থিত জমা তেতিয়া অতি কম আছিল। যি আছিল সিও অতি অনিশ্চিতৰূপে আছিল। আবাদী মাটী কিমান তাৰ নিৰ্ণয় ভালকৈ নাছিল। অনেক লোকে কোনো বিশেষ কৰ্ম্ম কৰাৰ নিয়মে ৰজাৰ মাটি ভোগ কৰিছিল। সেই সকলে সেই খাটনি কৰোঁতে শিথিল কৰিছিল। অনেকে আকৌ যিমান জমী সনন্দ মতে ভোগ কৰিব লাগে তাতকৈ সৰহ ভোগ কৰিছিল। এইবিলাক অসুবিধা নিবাৰণৰ নিমিত্তে ফুকনে দুইও পৰগণা পিয়ল কৰি ন কৈ বন্দোবস্ত কৰিব খুজিলে। অনেক ৰায়তে মাটি খাই কেইবা বছৰৰো খাজনা দিয়া নাই। সেই বাকী খাজনা আদায়ৰ বাবে যি মোকৰ্দ্দমা কৰিবৰ নিয়ম আছে সেই নিয়মে কাৰ্য্য কৰিলে বহু পলম হয়; এই দেখি সৰাসৰিৰূপে বাকী খাজনাৰ বাবে প্ৰজাৰ বস্তু ক্ৰোকৰ নিয়ম প্ৰচলিত কৰিবৰ কাৰণে ফুকনে যত্ন কৰিলে। এই বিষয়ে পৰগণাৰ প্ৰজাসকলে বিশেষ আপত্তি কৰিলে৷ গবৰ্ণমেণ্টৰ স্থানীয় কাৰ্য্যকাৰক সকলেও ৰজা আৰু প্ৰজাক মিলন কৰি ভাল বন্দোবস্ত কৰিবৰ পক্ষে চেষ্টা কৰিলে। উভয়ৰ মিলন হোৱা কঠিন হল; কাৰো মতলৈ কোনো নাহে। উভয় পক্ষে “গুজেস্তা” বা পূৰ্ব্বৰ নিয়মকে ৰাখিব খুজিলে। ফুকনৰ সকলো যত্ন বিফল হল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ চাহাবৰ চিৰস্তাত উভয় পক্ষৰ মাজত সেই বিষয়ে মোকৰ্দ্দমা হবলৈ ধৰিলে। ৰজাৰ পক্ষে