পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৭৯
 


দেৱানৰ পদ এটি সম্ভ্ৰমৰ পদ। এইসকল ভাবি ফুকনে দেৱান পজদ স্বীকাৰ কৰিলে। তেওঁৰ বেতন সৰ্ব্বমোট মাসিক ২৫০্ টকা। ৰজাই এই বাৰ্ত্তা পাই বৰ সন্তোষ হল। ফুকনে ১৮৪৯ চনৰ শেষত বিজনীলৈ গল। দেবান পদৰ আশা, সোঁটা, আৰ্দ্দলী প্ৰভৃতি যিবিলাক বস্তু আৰু লোক সেইসকল তেওঁ পালে। গোৱালপাৰাত পৰশুৰাম বৰুৱাৰ দিনৰ যি কুঠি আছিল সেই ঠাইতে ফুকনে ঘৰ সজাই আৰু কুঠিকে৷ ভাল কৰি তাতে থাকিল। ৰজাক সাক্ষাৎ কৰিবলৈ বিজনীলৈ গল। ৰজাই ফুকনৰ গাতে সকলো ভাৰ পেলাই দিলে।

 ৰজাৰ নিজা আৰু পৰগনাৰ যিবিলাক কাৰ্য্যকাৰক আছিল সেইসকলৰ কাগজপত্ৰ লিখা আৰু ৰখাৰ কোনো শৃঙ্খলা নাছিল। জমা আৰু খৰচৰ হিচাপ আৰু পৰণাৰ জমাবন্দী ও ওয়াচীল তহচীলৰ হিচাব অসম্পূৰ্ণ আৰু গোলমালকৈ লিখা আছিল। যাক যি দিব লাগে তাৰ হিচাপ ভালকৈ কৰা নাছিল। টকা চালানৰ কোনে৷ ভাল নিয়ম নাছিল। যেইয়ে যেনেকৈ পাৰিছিল সেইৰূপে কৰিছিল। নিজ বিজনীৰ কাৰ্য্যৰ বিষয়েও একো শৃঙ্খলা নাছিল। ফুকনে পৰগণাৰ সকলো কাৰ্য্যকাৰকসকলক মাতি সকলোৱে সৈতে কথা বাৰ্ত্তা কৈ সকলো কথা জানিলে, পৰগণাৰ যিসকল জমা চুমাৰীৰ কাগজ আছিল তাকো চাই তেওঁ সকলো কথা বুজিলে।

 নিজ বিজনীৰ কাৰ্য্য চলাবৰ নিমিত্তে ফুকনে কেতবিলাক নিয়ম কৰি এখান নিয়মাবলী কৰিলে। তাত ৰাজস্ব, শান্তিৰক্ষা, বিচাৰ, কাৰ্য্যকাৰকসকলৰ কৰ্ত্তব্য কৰ্ম্ম, দণ্ডবিধানৰ নিয়ম আছে। এই নিয়মাবলী “ফুকন দেৱানৰ কায়দাবন্দি” নামে প্ৰসিদ্ধ। পৰগণাৰ ৰাজস্ব তহচীল কৰা আৰু মাটি পিয়ল কৰা, বন্দোবস্ত কৰা, পতিত হাবি আৰু ইশুয়োৰি মাটীৰ বন্দোবস্ত কৰা, বাকী খাজনা আদায় কৰা, জোতদাৰ সকলৰপৰা খাজনা আদায় কৰা,