পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৭৫
 


নলবাৰীত আনন্দৰাম ফুকন পূৰ্ব্বৰ দৰে একটীন মুনচেফ নিযুক্ত হল। এই বৎসৰৰ শীতকালত পুনৰায় ফুকন নলবাৰীলৈ গৈ পূৰ্ব্বৱতে কাৰ্য্য কৰিবলৈ ধৰিলে। বিচাৰ বিষয়ে তেওঁ এইবাৰ একটীনী কৰি আৰু নিপুণ হল। নিৰ্দ্দিষ্ট কাল কৰ্ম্ম কৰি ফুকন আকৌ গুৱাহাটীলৈ আহিল।

 ইয়াৰ পাচতে ফুকনে চব এচিষ্টেণ্ট পদৰ বিষয়ে পৰীক্ষা দিবৰ নিমিত্তে প্ৰস্তুত হৈ কমিচনৰ আৰু এজেণ্ট গবৰ্ণৰজেনেৰেল জেনকনিচ চাহাবক প্ৰাৰ্থনা কৰিলে। কমিচনৰ চাহাবে ডেপুটী কমিচনৰ মেথী চাহাব আৰু প্ৰধান এচিণ্টেণ্ট কমিচনৰ ডাল্টন চাহাবক ফুকনক পৰীক্ষাৰ নিমিত্তে কমিটী মনোনীত কৰে৷ সেই মনোনীত মতে কমিটী বহি ফুকনক পৰীক্ষা কৰে৷

 প্ৰথম। বঙ্গলা দৰখাস্ত ইংৰেজীত তৰজমা।

 দ্বিতীয়। কমিচনৰ চাহাবৰ প্ৰেৰিত এখান ইংৰেজী চিঠিৰ বঙ্গলা তৰজমা।

 তৃতীয়। মাজিষ্ট্ৰেট চাহাবৰ অফিচৰপৰা কোনো এটা নথী পাঠ আৰু তাৰ মৰ্ম্ম প্ৰকাশ কৰা।

 চতুৰ্থ। বঙ্গদেশৰ প্ৰচলিত ফৌজদাৰী দেওয়ানী আৰু ৰাজস্বৰ আইন ও আসাম কায়দাবন্দীৰপৰা দিয়া প্ৰশ্নৰ উত্তৰ লিখা।

 পঞ্চম। শিকলি আৰু কম্পাচেৰে মাটী পিয়ল কৰা আৰু টাঁৰেৰে মাটি পিয়ল কৰা আৰু নক্চা কৰা।

 এইবিলাকৰ পৰীক্ষাত আনন্দৰাম ফুকন সুন্দৰে উত্তীৰ্ণ হল। অধিকন্তু সেই কমিটীয়ে ফুকনে নলবাৰীৰ একটীন মুনচেফ থাকি নিষ্পত্তি কৰা মোকৰ্দ্দমাৰ নথীকো চাইছিল। তাতো তেওঁৰ কাৰ্য্যত সন্তোষ পালে। কমিটীয়ে এই পৰীক্ষাৰ বিবৰণ আৰু ফল কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰি জনালে। আৰু ফুকনে পৰীক্ষাত তৰজমা কৰা কাগজ আৰু প্ৰশ্নোত্তৰ আৰু নক্চা কমিচনৰ চাহাবলৈ সেই ৰিপৰ্টৰ লগত পঠোৱা হল। মেথী