পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
আনন্দৰাম ঢেকিয়াল
 


বৰ দৃষ্টি নাছিল, কৰ্ত্তা আৰু ক্ৰিয়া অনেক দূৰৈত থাকিছিল। এইসকলৰ কাৰণে বৰ মনোযোগ নিদিলে তাৰ ভাব উদ্ধাৰ কৰা টান আছিল। ফুকনে এই নিয়ম লৰাই সৰল ভাষাৰে নিষ্পত্তি পত্ৰ লিখিবলৈ আৰম্ভ কৰিলে। তেওঁৰ নিষ্পত্তি পত্ৰ বুজিবলৈ বৰ যত্ন নালাগিছিল। তেওঁৰ বিচাৰত অনেকে সন্তোষ পাইছিল। তেওঁ মুনচেফ হৈ থাকোঁতে পৰগণাৰ কাৰ্য্যকো কৰা হৈছিল। এইৰূপে নিৰ্দিষ্ট সময় কাৰ্য্য কৰি জগন্নাথ বৰদলৈ ঘূৰি আহিলত তেওঁক বিষয় গতাই ফুকন গুৱাহাটীলৈ আহিল। ফুকনৰ নিষ্পত্তি পত্ৰৰ ভাষা আৰু হেতুবাদ দেখি উকীল, আমোলা আৰু হাকীমসকল চমৎকৃত হল। যিবিলাক মোকৰ্দ্দমাৰ আপীল হৈছিল তাৰো ফল ভাল হল।

 গুৱাহাটীলৈ আহি ফুকনে পূৰ্ব্বমতে তেওঁৰ শিক্ষা আৰু কাৰ্য্য কৰিবলৈ ধৰিলে। আসামত তেতিয়া প্ৰধান এচিষ্টেন্ট, আৰু চবএচিষ্টেণ্ট এই তিনি শ্ৰেণীৰ কমিচনৰ চাহাবৰ এচিষ্টেণ্ট আছিল। জুনিয়ৰ এচিষ্টেণ্টসকল চিহ্নিত মিলিটাৰী বা সৈন্যদলৰ পৰা নিয়োজিত হৈছিল। সেইসকলেই উন্নতি লাভ কৰি প্ৰধান এচিষ্টেণ্ট হয়। চব-এচিষ্টেণ্টসকল অচিহ্নিত কৰ্ম্মচাৰী। তেতিয়া দেশীয় কোনো লোক এই পদত নাছিল। চব এচিষ্টেণ্ট পদৰ প্ৰাৰ্থকসকলক কমিচনৰ চাহাবে কমিটী নিযুক্ত কৰি পৰীক্ষা লোৱাই আৰু সেই কমিটীৰ পৰীক্ষাত উত্তীৰ্ণ হলে কমিচনৰ চাহাবৰ মনোনীত মতে গবৰ্নমেণ্টে নিয়োগ কৰে। এই চবএচিষ্টেণ্ট কৰ্ম্মৰ পৰীক্ষা দিবৰ অভিপ্ৰায়েৰে তেওঁ আইন বৰ যত্নেৰে শিক্ষা কৰিছিল। তেওঁ ভাবিছিল যে, যদি আসামত সুবিধা নহয় বঙ্গদেশত পৰীক্ষা দি সেই শ্ৰেণীৰ পদ গ্ৰহণ কৰিব।

 ১৮৪৮ চনৰ চেপ্তেম্বৰ মাহত বৰপেটাৰ মুনচেফ কীৰ্ত্তিনাথ খঙ্গীয়া ফুকনে দশহৰাৰ বন্ধ এৰি ছ-মাহৰ বিদায় গ্ৰহণ কৰাত নলবাৰীৰ মুনচেফ জগন্নাথ বৰদলৈ বৰপেটালৈ বদলি হল।