পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৭৩
 


যে বেতন যদিচ সামান্য তথাপি তাৰ প্ৰতি চাব নেলাগে কিয়নো অতি অল্প দিনৰ নিমিত্তে হলেও মুনচেফীৰ একটীন কৰিলে আগলৈ চিৰস্থায়ী আৰু ভাল কৰ্ম্ম পোৱাৰ সময়ত বৰ উপকাৰক হব। শেষত চাহাবে ইয়াকো লেখিলে যে সেই পত্ৰৰ উত্তৰ পাবলৈ আশা কৰিলে, কিয়নো যদি ফুকন সেই প্ৰস্তাৱত সন্মত হয় তেন্তে আৱশ্যকীয় আজ্ঞা প্ৰচাৰ কৰিব লাগিব।

 তেতিয়া খাজনা আদায় কৰিব সময়। ফুকন খাতা পৰগণাত আছিল। চাহাবৰ সেই চিঠি পাই তেওঁ চাহাবৰ প্ৰস্তাৱত সন্মত হৈ সকৃতজ্ঞ চিত্তে উত্তৰ লিখিলে। যি কথা চাহাবে লিখিছিল তাত অমান্তি হবৰ একো কাৰণ নাছিল। ফুকন গুৱাহাটীলৈ আহিল। গুৱাহাটীৰ তেতিয়াৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ ডাল্টন চাহাবে ১৮৪৭ চনৰ ১৬ নবেম্বৰ তাৰিখে তিনি মাহৰ কাৰণে ফুকনক একটীন মুনচেফৰ চনদ দিয়ে। তেওঁ সুকৃতি কৰি নলবাৰীলৈ গৈ সেই নবেম্বৰ মাহতে চাৰ্জ গ্ৰহণ কৰিলে। তেতিয়াৰ মুনচেফসকলে ৮০্ টকা বেতন আৰু চৰঞ্জামি খৰচৰ বাবে ৪০্ টকা মাসিক পাইছিল। সেই ৪০্ টকাৰে মুনচেফসকলে চিৰস্তাদাৰ, পেচকাৰ, ৰুবকাৰ-নবীচ, ডিক্ৰীজাৰী-নবীচ, ফয়চলা- নবীচ আৰু নকল নবীচ আমোলা ৰাখিছিল। আৰু তাৰ ভিতৰৰেপৰা কাগজ কলম ইত্যাদিৰো খৰচ চলাইছিল। ফুকনৰ একটীন কালৰ বেতন মাসিক ৪০্ টকা মাত্ৰ হল।

 ফুকনে চাৰ্জ গ্ৰহণ কৰি নীতিমতে মোকৰ্দ্দমা বিচাৰ কৰিবলৈ ধৰিলে। তেওঁ বৰকৈ আমোলাৰ কাকত পঢ়ালৈ নাচাইছিল। নিজেই নথী চাই বিচাৰ কৰি আজ্ঞা দিছিল। আৰু অনেক হুকুম নিজেই লিখিছিল। তেওঁ বিচাৰ কৰি প্ৰথমে যি মোকৰ্দ্দমা নিষ্পত্তি কৰিলে সেইটোত ননচুটৰ হুকুম হৈছিল। তেওঁ নতুন প্ৰণালীৰে সৰল ভাষাৰে নিষ্পতি পত্ৰ লিখিছিল। সেই সময়ত আমাৰ চিৰস্তাবিলাকত এনে নিয়ম আছিল যে ব্যাকৰণৰ প্ৰতি