পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
আনন্দৰাম ঢেকিয়াল
 


এজেন্টী অফিচত এজন তজমানবীচ বা অনুবাদক থাকে। বিচৰ নামে এজন চাহাব তেতিয়া তজমানবীচ আছিল। বেপাৰৰ নিমিত্তে তেওঁ কৰ্ম্ম এৰিব খোজাত ৰবৰ্ট বিচৰ চাহাব সেই কৰ্ম্মত নিযুক্ত হৈছিল। তেওঁ কৰ্ম্ম নকৰিলে দেখি আনন্দৰাম ফুকনে সেই কৰ্ম্ম পাবলৈ অভিলাষ কৰি জেনকিনচ্ চাহাবত প্ৰাৰ্থনা কৰিছিল। জেনকিনচ্ চাহাবে তেওঁক এইবুলি আশ্বাস দিলে যে, যদি পদ শূন্য হয় তেওঁ সেই পদ পাব। পাচে পদ শূন্য নহল। এই পদৰ কাৰ্য্যৰ দ্বাৰাই দেশীয় বিদেশীয় অনেক কথা শিক্ষা কৰিব পাৰি। এই কাৰণেই ফুকনৰ সেই কাৰ্য্যৰ প্ৰতি ইচ্ছা হৈছিল। ব্যাপক বিষয় জ্ঞান আৰু শিক্ষা তেওঁৰ বৰ প্ৰিয় ইচ্ছা আছিল। কিয়নো এনে ব্যাপকতা নহলে জন- সমাজত লোক আকৰ্ষক হব নোৱাৰে।

 মেথী চাহাব এই দেশৰ প্ৰধান বন্ধু। দেশীয় লোকৰ উন্নতিৰ প্ৰতি তেওঁৰ সদাই দৃষ্টি৷ ইয়াৰ পূৰ্ব্ব বৎসৰত গবৰ্ণমেণ্টৰ এখন ষ্টীমাৰ (ধোঁৱাৰ জাহাজ ) গুৱাহাটীলৈ আহে। অসমীয়া লোক- সকলক তেওঁ জাহাজৰ সকলো কল দেখুৱাই জাহাজত তুলি এদিন ইফাল সিফাল কৰি ফুৰাইছিল। আনন্দৰাম ফুকনো সেই লগতে ফুৰিছিল৷ এই বৎসৰৰ শীতকালত মেথী চাহাব কলিকতালৈ যাবলৈ ওলাল। তেওঁৰ লগত নলবাৰীৰ মুনচেফ জগন্নাথ বৰদলৈ আৰু সেই চাহাবৰ চিৰস্তাৰ আমোলা ব্ৰজনাথ ফুকন আৰু গোবিন্দৰাম শৰ্ম্মা যাবলৈ উদ্যত হল। মেথী চাহাবে এই কেইজনক নিজ খৰচেৰে কলিকতা মহানগৰ দেখুৱাবলৈ নিবলৈ সন্মত হল। জগন্নাথ মুনচেফে তিনিমাহৰ বিদায় পাবলৈ প্ৰাৰ্থনা কৰিলে। মেথী চাহাবে নবেম্বৰ মাহৰ আদিতে ফুকনলৈ এই বুলি চিঠি লেখিলে যে তেওঁক সেই মুনচেফেৰ একটীনী কৰিবলৈ তেওঁ মনোনীত কৰিছে। মুনচেফী পদাকাঙক্ষীসকলৰ মাজত ফুকনৰ নাম প্ৰথম আছিল। চাহাবে ইয়াকো লেখিলে