পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
আনন্দৰাম ঢেকিয়াল
 


আকৌ কোনো কোনো চৌধুৰীয়ে পিয়লত প্ৰজাই ভঙ্গা মাটি চাপাচী বা গোপন কৰি গবৰ্ণমেণ্টক বঞ্চনা কৰে। কৰ্ত্তৃপক্ষ- সকলে অনেক সময়ত বৰ অসুবিধা পাইছিল। এজন নব্য সম্প্ৰ- দায়ৰ উন্নত স্বভাৱৰ লোকক জিম্মাদাৰ কৰিলে নো কেনে কাৰ্য্য হয় তাক তেওঁবিলাকে চাবলৈ ইচ্ছা কৰিলে। মেথী আৰু জেন- কিনচ চাহাবে ফুকনক পৰগণাৰ জিম্মাদাৰ হৈ বিষয়ত প্ৰবৃত্ত হবলৈ পৰামৰ্শ দিলে। তেওঁৰ যি লক্ষ্য ব্যৱসায় আছিল তাৰো জিম্মাদাৰ হোৱাৰপৰা বহু শিক্ষাৰ সম্ভৱ আছিল। প্ৰজাবিলাকৰ অৱস্থা জনা মাটিৰ স্বত্ব জনা, বিয়ল আৰু বন্দোবস্তৰ প্ৰণালী আৰু প্ৰজাৰ কৃষি আৰু উৎপন্নৰ অৱস্থা সকলো জ্ঞাত হোৱা আৱশ্যক৷ সেই ভাবি ফুকন পৰগণাৰ জিম্মাদাৰীপদ গ্ৰহণ কৰি- বলৈ অনিচ্ছুক নহল।

 ১৮৪৭ চনৰ আদিতে ৰঙ্গীয়াৰ মুনচেফ দিগম্বৰ বৰুৱা মৃত্যু হল। তেতিয়া বিচাৰক নিযুক্ত কৰোঁতে চৰিত্ৰ, বংশ আৰু সাধা- ৰণ কৰ্ম্মৰ যোগ্যতা মাত্ৰ দ্ৰষ্টব্য আছিল৷ কমিচনৰ চাহাবে তিনিজন মুনচেফি পদাকাংক্ষীৰ নাম লেখি থয়। পাচে পদ শূন্য হলে সেই তিনিজনৰ প্ৰথমজনক কৰ্ম্ম দিয়ে। এইৰূপে সদাই তিনিজন লোকৰ নাম ফৰ্দ্দত থাকে। এই নিয়মে খাতা পৰগণাৰ জিম্মাদাৰ ৰাধাকান্ত বৰুৱা, দিগম্বৰ বৰুৱাৰ কৰ্ম্মত মুনচেফ নিযুক্ত হল। খাতা পৰগণাৰ কৰ্ম্মত আনন্দৰাম ফুকন কামৰূপ জিলাৰ কালেক্টৰ মেং এগ্নিউ চাহাবৰ ১৮৪৭ চনৰ ২৯ এপ্ৰেলৰ ১১২৩ নং হুকুম মতে জিম্মাদাৰ নিযুক্ত হল। তেওঁৰ প্ৰতি এই আজ্ঞা হল যে পৰগণাত নিযুক্ত থকা বিষয়াসকলৰ দ্বাৰাই ৰায়তলোকৰ- পৰা খাজনা “ওয়াচিল তহচিল” কৰি নিৰুপিত কীস্তিমতে চৰকাৰত আদায় কৰিব। ৰায়তবিলাকক কোনো বিষয়ে “জুলুম বদিয়ত” অত্যাচাৰ নকৰিব আৰু হুজুৰৰপৰা যেতিয়া যি আজ্ঞা হয় তাক প্ৰতিপালন কৰিব। এই নিয়োগত সকলোৱে সন্তোষ পালে।