পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
আনন্দৰাম ঢেকিয়াল
 


 ফুকনে ব্লাণ্ড পাদ্ৰী চাহাবৰ মুখে পঢ়িছিল৷ চাহাবে প্ৰতি ৰবিবাৰে গুৱাহাটীৰ গিৰজাত উপাসনা কৰিছিল৷ ফুকনে কোনো কোনো ৰবিবাৰে গিৰজাৰ উপাসনা চাবলৈকো গৈছিল। কিন্তু লোকে তেওঁক বিধৰ্ম্মী বোল৷ নাছিল। তেওঁৰ মত এই আছিল যে উপাসনা দৰ্শন কৰাত একো হানি নাই। ফুকনে কাচাৰীলৈ কাৰ্য্য শিক্ষাৰ নিমিত্তে যাবলৈ ধৰিব লগীয়া হোৱাত তেওঁৰ কাছাৰীৰ পোচাক পৰিবৰ্ত্তন হল। টুপীৰ পৰিবৰ্ত্তে আমোলা পগুৰী হল। গাত ভাঁজ দিয়া চেলেঙ্গ, আৰু কেতিয়াবা আঙ্গা আৰু কেতিয়াবা চাপকন আৰু পাজামা ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ এই পৰিবৰ্ত্তনৰ আন কাৰণতকৈ এইটোহে প্ৰধান কাৰণ বোধ হয় যে কাছাৰীত তক্তাপোচত বহিব লাগে আৰু জোতা মাটীত থব লাগে। পেণ্টলুনৰ দ্বাৰাই সেই কাৰ্য্য সুবিধাৰ নহয়, এই কাৰণে তেওঁ সেই পোচাক পৰিবৰ্ত্তন কৰি উপযোগী পৰিচ্ছদ ব্যৱহাৰ কৰিলে।