পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
আনন্দৰাম ঢেকিয়াল
 


খাটিছিল। খাটনি তেওঁ নীচেই ভাল নাপাইছিল। সেই কাৰণে তেওঁ সকলোকে সেইৰূপ কৰিবলৈ অসমৰ্থ বুলি কৈছিল। কিন্তু স্বাৰ্থ সাধন কি ভয়ানক! তথাপি তেওঁলোকে বিৰক্ত কৰিবলৈ নেৰিছিল। তেওঁ কেতিয়াও লোকৰ সেই প্ৰাৰ্থনা সিদ্ধ কৰা নাছিল। সকলোকে বাৰম্বাৰ তেওঁৰ অসমৰ্থতা বুজাইছিল। আৰু কাকো বা ভালকৈ তাৰ অনাৱশ্যকতাকো বুজাই দিছিল। কিয়নো কোনোৱে এনে কথাৰো খাটনিৰ প্ৰত্যাশা কৰে যাতে কোনো খাটনি নালাগে কাৰ্য্যানুৰোধে এনেই হয়।

 স্কুলৰ ছাত্ৰসকল সদাই ফুকনৰ তালৈ গৈছিল। সেই সকলক তেওঁ বৰ উৎসাহ দি পঢ়িবলৈ কৈছিল। তেতিয়াও ইংৰাজী বিজাতীয় অপৰ ভাষা বুলি লোকৰ বিশ্বাস আছিল। সেইকাৰণে বঙ্গলা স্কুলত ইংৰাজী স্কুলতকৈ ছাত্ৰ সংখ্যা অধিক আছিল। তেতিয়াৰ লোকৰ এনে ভাব আছিল যে অল্পমান বঙ্গলা লেখা-পঢ়া জানি কাণত কলম লৈ কাছাৰীত দৰখাস্ত ইত্যাদি লেখিব পাৰিলেই হয়। ভাল ভাল লোকৰ লৰাবিলাকে কাছাৰীত “উমেনদওয়াৰী” কৰিছিল। প্ৰায় সকলো চিৰস্তাতে আমলাতকৈ উমেনদওয়াৰবিলাকৰ সংখ্যা অধিক আছিল। এইসকল উমেনদওয়াৰে প্ৰতি দিনে কাছাৰীৰপৰা ঘৰলৈ আহোঁতে কিছু কিছু অৰ্থও উপাৰ্জন কৰি আনিছিল। এইৰূপ উমেনদওয়াৰ শ্ৰেণীৰ প্ৰতি ফুকনৰ বৰ অভক্তি আছিল। সকলোকে তেওঁ এই বৃত্তি অতি হীন বুলি কৈছিল।

 পাৰ্চী ভাষা নাজানিলে লোক সম্পূৰ্ণ শিক্ষিত নহয়। ভদ্ৰ সমাজত আলাপ কৰোতে পাৰচী ভাষাৰ দুটী এটী ‘বয়েদ’ পদ্য পাঠ কৰা তেতিয়াও বৰ আদৰণীয় আছিল। পাৰচীৰ কাব্য বৰ মধুৰ আৰু ৰসযুক্ত। মানুহক বৰ আমোদী আৰু সভাসুন্দৰ কৰে। ফুকনেও কিছুদিন পাৰচী আৰু উৰ্দ্দু এজন