পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৬৫
 


ভিতৰত ঘৈণীসকলৰ মুখেও তেওঁ আগৰ দিনৰ কথা শুনিছিল। ফুকনে যেতিয়া এইৰূপে কথা শুনে তেতিয়া আন কথাকো চিন্তা কৰে, সেইকাৰণে সময়ে সময়ে কোৱা কথাকো আকৌ কব লাগে। কেতিয়াবা তেওঁ এনেৰূপে কথা ভাবি থাকে যে মানুহে কোনো কথা কলেও কোনোৱে তাৰ উত্তৰকে নেপায় আৰু কোনোৱে “হোঁ” মাত্ৰ উত্তৰ পায়। কেতিয়াবা কোৱা কথাকো দুনাই তেওঁৰ আগত কলেহে হয়। এদিন অতিৰাম বৰুৱাই ফুকনৰ আগত কোনো প্ৰাচীন কথা কৈছিল। সেই কথা শেষ হল। ফুকনে আন কথা ভাবি থাকোঁতেই শেষ ভাগলৈ কাণ নকৰিলে। কিছুমান বেলিৰ পাচত ফুকনে শুধিলে “পাচে”। অতিৰাম বৰুৱাই কলে “তাৰ পাচে আৰু পিঠি”। এই কথাত ফুকনে বৰকৈ হাঁহি থাকিল। তেওঁৰ এনে অন্যমনস্ক স্বভাৱৰ দ্বাৰাই এনেটো ঠাৱৰ হয় যে তেওঁ তেওঁৰ ভবিষ্যৎ জীৱনৰ বিষয়ে কেতবিলাক কথা লক্ষ্য কৰি সদায় তাকে মনত আলোচন৷ আৰু চিন্তা কৰিছিল। সেই কাৰণেহে এনে ঘটনা ঘটিছিল।

 ফুকনে তেওঁৰ পিতৃ পিতামহৰ আৰু প্ৰপিতামহৰ শ্ৰাদ্ধ কৰিছিল। কন্যাগত অপৰ পক্ষত প্ৰতিদিনে তৰ্পণ আৰু ভূজ্যোৎসৰ্গ কৰি মহালয়াৰ দিনা পাৰ্ব্বন-শ্ৰাদ্ধ কৰিছিল। নবান্নৰ শ্ৰাদ্ধ বা ভূজ্যোৎসৰ্গ কৰিছিল৷ আগৰ কালৰ যি- বিলাক বাৰ্ষিক কৃত্য সকলোবিলাক যথানিয়মে হৈছিল। ঘৰৰ বিগ্ৰহ গোপালৰ পূজা এমাহ বৰ ফালৰ আৰু এমাহ সৰু ফালৰপৰা হৈছিল।

 ফুকনক সকলো বিচাৰকসকলে সভ্ৰম কৰিছিল। আমাৰ দেশৰ লোকসকলৰ এনে বিশ্বাস আছিল যে ফুকনৰ দ্বাৰাই বিচাৰকসললক খাটনি কৰিব পাৰিলে কাৰ্য্য সিদ্ধি কৰিব পাৰিব। এই বুলি অনেকেই তেওঁক সেই কাৰণে