ঘৈণীৰ পৰস্পৰ অবৰ্গ আছিল। পাচে সৰুজনাই গুণাভিৰামক
লৈ সেই টোলতে বেলেগে থাকিল। কিন্তু ভৰণ পোষণৰ অতিশয়
কষ্ট হল। তেওঁৰ মাকৰ ঘৰৰ নাদুকী নামে এজনী বেটী ভুটকুৰী
আৰু তাইৰ জীয়েক কণিকীয়ে নিজে শ্ৰম আৰু অন্য কাৰ্য্য কৰি
যি পাইছিল তাৰ দ্বাৰাই তেওঁক সাহায্য কৰিছিল। আনান্দৰাম
ফুকনে গুণাভিৰামক আৰু তেওঁৰ মাকক বৰ মৰম কৰিছিল আৰু
প্ৰায় তেওঁৰ লগতে খুৱাইছিল আৰু কাপৰ ইত্যাদিৰ ব্যয় দিছিল।
গুণাভিৰামক লৈ তেওঁৰ মাতৃ ফুকনৰ ভনীয়েক তুলসীয়ে সৈতে
নগাঁৱলৈ জীয়েকক চাবলৈ ১৭৬৮ শকৰ আদিতে আহে। কিছু-
দিনমান নগাঁৱত থাকি গুৱাহাটীলৈ উভতি গল। আৰু চৈত্ৰৰ
অশোকাষ্টমীৰ দিনা তেওঁ মৃত্যু হল। গুণাভিৰাম আকৌ গঙ্গাৰাম
বৰুৱাৰ লগলৈ গল। ১৭৬৯ শকত গঙ্গাৰাম বৰুৱাই সোমদত্ত
কটকীৰ বিদ্যা নামে জীয়েকক বিবাহ কৰায়। গঙ্গাৰামৰ লগত
গুণাভিৰাম থাকিলেও ফুকনে সদায় তেওঁক সৰ্ব্বপ্ৰকাৰে সাহায্য
কৰিছিল। জেনকিনচ্ চাহাবে গুণাভিৰামক ৩্ টকা খোৰাকী
মাহিলি দিবলৈ ধৰিলে। গুণাভিৰামে লগত সদায় থাকি তেওঁ
যেতিয়া যি কয় তাকে শুনিছিল।
ফুকনৰ সৰুৰে পৰা প্ৰাচীন ইতিহাস আৰু প্ৰাচীন কথা শুনিবলৈ বৰ ইচ্ছা। কোনো প্ৰাচীন লোকক লগ পালে তেওঁ পুৰণি কথা বৰ আগ্ৰহেৰে শুনিছিল। কামৰূপৰ সুন্দৰীদিয়াৰ অভিৰাম বৰুৱা নামে এজন লোক আছিল। বৃটিচ্ গবৰ্ণমেণ্টে অসম দেশ জয় কৰাৰ পাচত এওঁ বৰ প্ৰতাপী আছিল৷ পাচে দুৰ্দ্দশাগ্ৰস্ত আৰু ব্যাধিগ্ৰস্ত হৈ গুৱাহাটীত আছিল। তেওঁ বৰ উচিতবক্তা আৰু নিৰ্ভয়চিত্ত আছিল। সদাই ফুকনৰ তালৈ গৈছিল। পৰশুৰাম বৰুৱাৰ দিনৰ তামুলী নদুৱাৰৰ যোগাই ঠাকুৰে তেওঁৰ পুত্ৰ তুলসীক লৈ ফুকনকে চাবলৈ গুৱাহাটীলৈ গৈছিল। এওঁ- বিলাকৰ মুখে ফুকনে প্ৰাচীন কথাশুনি বৰ তৃপ্তি পাইছিল।