পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
আনন্দৰাম ঢেকিয়াল
 


ব্যৱহাৰ নহলে দেশৰ মঙ্গল নহয়। প্ৰথমে এই দেশত অসমীয়া ভাষাৰে সকলো কাৰ্য্য কৰ্ম্ম হৈছিল। পাচে বঙ্গলা ভাষাই যে এই দেশৰ প্ৰকৃত ভাষা কৰ্ত্তৃপক্ষৰ পৰা এইটো সিদ্ধান্ত হোৱাত বঙ্গলা ভাষা সকলো বিষয়ত চলিবলৈ ধৰিলে। আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হল। নানা উপদেশ-গৰ্ভ ইংৰাজী প্ৰস্তাবৰপৰা সংগ্ৰহ কৰি “অসমীয়া ল’ৰাৰ মিত্ৰ” নামে দুই কাণ্ড পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। সেই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰলৈ পঠোৱা হয় কিন্তু অসমীয়া ভাষা ছাপাওৱালাই বুজিব নোৱাৰাত কীৰ্ত্তিকান্ত বৰুৱা নামে এজন অসমীয়া লোকক ফুকনে কলিকতালৈ পঠায়। ১৮৪৯ চনত সেই পুস্তক মুদ্ৰিত হয়। ইংৰাজ আৰু দেশীয় ভদ্ৰমহোদয়সকলে এই পুস্তক ছপাবৰ বিষয়ে অৰ্থেৰে সাহায্য কৰিলে। মেথী চাহাব আৰু জেনকিনচ্ চাহাবে এই বিষয় বিশেষ উৎসাহ দিছিল। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল তাক লেখা বাহুল্য। তেওঁৰ দিনত অসমীয়া ভাষাৰ একো উন্নতি নহল। কিন্তু নানা বিঘ্ন আৰু বাধা অতিক্ৰম কৰি ১৮৭২ চনত চাৰ জৰ্জ কেম্বল লেপ্টেনেণ্টে গবৰ্ণৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হল। সেই “অসমীয়া ল’ৰাৰ মিত্ৰ” সংক্ষিপ্তৰূপে এই দেশৰ স্কুল সমূহত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল সেই ফুকন। ভাষা বিষয়ে সপক্ষবাদী বিপক্ষবাদী সকলোৰে সৈতে তেওঁ তৰ্ক কৰিছিল। অসমীয়া ভাষাৰ বিষয়ে মিচনেৰীবিলাকেও যত্ন কৰিছিল। এই কাৰণে ফুকনে সেইসকল লোকে সৈতে সদাই চিঠি আৰু কথাৰে আলাপ আলোচনা কৰিছিল। আনন্দৰাম ফুকনৰ নাম এইবাবে অসমীয়া ভাষাই সৈতে তাৰ উন্নতি বা অবনতি হলেও চিৰকাল লগ লাগি থাকিব।