পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৬১
 


বিচাৰৰ অৱস্থা আছিল। মেথী চাহাব আৰু জেনকিনচ্ চাহাবে আনন্দৰাম ফুকনক প্ৰধান সদৰআমীনৰ ওচৰত বহি আইন আৰু আদালতৰ দাঁড়া দত্তৰ শিক্ষা কৰিবলৈ পৰামৰ্শ দিলে। ফুকনে প্ৰতিদিন যথানিয়মে কাছাৰীলৈ গৈ আইনৰ ফেৰস্ত কৰিছিল আৰু বিচাৰ আৰু নথী চাইছিল। ঘৰতো তেওঁ আইন আৰু আসাম কায়াদাবন্দী সদায় পঢ়িবলৈ ধৰিলে। দিনে দিনে তেওঁৰ উন্নতি হবলৈ ধৰিলে। তেতিয়া ইংৰাজী জনা মানুহ গুৱাহাটীত অতি তাকৰ আছিল। কোনো কোনো লোকক ফুকনে দৰখাস্ত ইংৰাজীত অনুবাদ কৰি দিছিল আৰু কাকো দৰখাস্ত জওৱাব আৰু আন আন কাকত তেওঁ মুচাবিদা কৰি দিছিল। হয়গ্ৰীৱ মাধৱৰ দেৱলীয়া আৰু লক্ষ্মীবল্লভ গোস্বামীৰ সেই দেৱালয়ৰ সেৱা চলোৱা সম্পৰ্কে এটা বৰ মোকৰ্দ্দমা আছিল। সেই মোকৰ্দ্দমাত ফুকনে দেৱলীয়াবিলাকৰ কাকতপত্ৰ চাইচিন্তি আৰু তৰ্জমা কৰি দিছিল। এইৰূপ সাহায্য কৰোতে তেওঁ কোনো পুৰস্কাৰ বা বেতন নলৈছিল। কেৱল ক্ষতিগ্ৰস্ত পক্ষৰ পক্ষেহে তেওঁ সদায় সাহায্য কৰিবলৈ হাত আৰু মন মেলিছিল।

 যজ্ঞৰাম খাৰঘৰীয়া ফুকনে আনন্দৰাম ফুকন সৰু থাকোতে ঢেকিয়াল ফুকনৰ মৃত্যুৰ পাচত দুয়ো ঘৰৰ কাৰবাৰ কৰিছিল। সেই বিষয়ে আনন্দৰাম ফুকনৰ সৈতে কিছু বিৰোধ আছিল। উভয় ঘৰৰ বন্ধু মেথী চাহাবক এই বিষয় জনোৱাত তেওঁ চন্দ্ৰ- সেন প্ৰধান সদৰ আমীন আৰু তেতিয়াৰ গুৱাহাটীৰ কালেক্টৰীৰ চিৰস্তাদাৰ শম্ভুনাথ বাগছীক চালিচ নিযুক্ত কৰিলে। তেওঁ- বিলাকে উভয় পক্ষৰ বিৰোধ এক প্ৰকাৰ মীমাংসা কৰি দিলে।

 ইংৰাজী ১৮৪৬ চনত শিবসাগৰৰপৰা “আৰুণোদয়” নামে এখান মাসিক সংবাদপত্ৰ প্ৰচাৰিত হয়। ফুকনে এই সংবাদ- পত্ৰত সময়ে সময়ে ৰচনা দিবলৈ ধৰিলে। যি দেশৰ যি ভাষা