পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
আনান্দৰাম ঢেকিয়াল
 


ব্যৱসায় অবলম্বন কৰাই শ্ৰেয়ঃ, এই ভাবি বিচাৰক হবৰ প্ৰত্যাশাৰে আইন পঢ়িবলৈ ধৰিলে। সেই সময়ত চন্দ্ৰসেন ভঁৰালী কাকতী নামে এজনা দেশীয় লোক গুৱাহাটীত প্ৰধান সদৰ আমীন আছিল। তেওঁ প্ৰাচীন আছিল। বিচাৰ বিষয়ত নিপুণ আৰু আইন আৰু নিয়ম ভালকৈ জানিছিল। সোমদত্ত কটকী এজনা ভৰলুমুখতে থকা দেশীয় লোক আৰু মাধৱৰাম ৰাজখোৱা মুনচেফ আছিল। দেববৰ বড়দলৈ সদৰ আমীন আৰু লক্ষ্মীদত্ত কটকী সৰাসৰি মুনচেফ আছিল। এইসকল বিচাৰপতিয়ে কছাৰীত তক্তাপোচত বহি গাৰুত আউজি আৰু কোনো সময়ে সময়ে কাছাৰীত কাম কৰি থাকোতেই তামোল খাই বৰ সন্তোষ মনেৰে মোকৰ্দ্দমা বিচাৰ কৰিছিল। তেতিয়া আমলাবিলাকে সাক্ষীৰ জৱানবন্দী কৰে আৰু সেইবিলাক নথীৰ লগত বিচাৰপতিসকলক শুনায়। উকীলবিলাকৰ তেতিয়া তিমান গৌৰৱ নাছিল। তেওঁ, শিৱচৰণ দেৱ, বিশ্বনাথ গুহ, কমলাকান্ত সৰখেল, বগাৰাম বড়া, ধীৰনাথ শৰ্ম্মা, হৰমোহন পণ্ডিত, ৰামানন্দ ভট্টাচাৰ্য্য প্ৰভৃতি উকীলসকলে মাজে মাজে এজলাচলৈ গৈ সেই তক্তাপোচতে বহি তৰ্ক-বিতৰ্ক কৰে। সাক্ষীৰ জৱানবন্দী লওঁতে সাক্ষীবিলাকক প্ৰশ্ন কৰে। আমলাসকলৰো কোনোৱে গুচৰীয়াৰ আৰু কোনোৱে পদকীয়াৰ পক্ষে দুটা এটা কথা হাকীমৰ আগত কব পাৰে। আন কোনো প্ৰধান দৰ্শকেও কোনো বিচাৰপতি বা আমলাৰ সমীপলৈ গৈ দুই-এক কথা কব পাৰে। অল্পমান হেতু প্ৰকাশ কৰি হাকীমসকলে গোচৰ ডিক্ৰী, ডিচমিচ বা ননচূট কৰে অথবা কোনো পদকীয়াক দণ্ডবিধান কৰে। চিৰস্তাদাৰ বা পেচ্কাৰে নালিচ আৰজী উপস্থিত হবৰেপৰা যি যি কাৰ্য্য হয় সেই সকলো লেখি আৰু বিচাৰৰ হেতুবাদ অল্প দি ফয়চলা কৰে। কোনো কোনো মোকৰ্দ্দমা বহুদিনৰ মূৰতহে নিষ্পত্তি পায়। তেতিয়া এইৰূপ