পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৫৭
 


আৰু ফুকন আৰু ফুকনৰ পিতামহীউৰুয়ে সৈতে কথাবাৰ্ত্ত৷ কৈ কলে “মই কাৰো কথা নুশুনো, মাহিন্দ্ৰী আইটী আনন্দি বাপালৈ দিম” এই বুলি বাগ্দান কৰিলে। উভয় পক্ষ আৰু উভয় পক্ষৰ বন্ধু বান্ধৱসকলৰ বৰ সন্তোষ হল।

 ১৭৬৭ শঁকৰ বৈশাখত বিবাহৰ দিন স্থিৰ হল। যথোচিত ৰূপে আয়োজন হল। পাঁচ দিনীয়াকৈ বিবাহৰ উৎসৱ সমাধা হল। বিবাহৰ পূৰ্ব্বে গান মজলিচ হৈছিল আৰু এদিন চাহাব লোকক মজলিচলৈ নিমন্ত্ৰণ কৰা হৈছিল। সেই দিনা খাৰ বাজি হাৱইৰ দ্বাৰাই ঘৰ পুৰিবৰ উপক্ৰম হৈছিল। বিবাহৰ ৰাত্ৰি বৃষ্টিৰ নিমিত্তে অসুবিধা হলেও কাৰ্য্য পৰিপাটীৰূপে সমাধা হল। ফুকনে জৰীৰ বন কৰা পাজামা, আঙ্গা টুপী পৰিধান কৰি তামজাঙ্গ দোলাত আৰোহণ কৰি শ্বশুৰালয়লৈ গৈছিল। আৰু কন্যাঘৰত বৰৰ কৰ্ত্তব্য পূজাৰ পূৰ্ব্বে সেই পোষাক পৰিত্যাগ কৰি পট্টবস্ত্ৰ পৰিধান কৰিছিল। দৰাবিলাকে সাধাৰণতঃ নাকত কাপোৰ লয়। শহুৰেকৰে কথা হোৱা দূৰৈত থাওক বিবাহৰ পাচতো শহুৰৰ ঘৰৰ লোকে সৈতেও কথা কোৱা প্ৰায় দেখা নাযায় আৰু বিবাহৰ মন্ত্ৰ বিলাকো প্ৰায়েই মুখৰ ভিতৰতে বোলা শুনা আৰু দেখা যায়। কিন্তু আনন্দৰাম ফুকনে এইৰূপ বৃথা লজ্জ৷ কৰা নাছিল। ৰাজগুৰু ফুকনে সৈতে সসম্ভ্ৰমে আৰু আকুতো- ভয়ে হোমৰ গুৰিত কথাবাৰ্ত্তা কৈছিল। এই নিমিত্তে কোনো কোনো লোকে এই অৱসৰতে ফুকনক লাজ নোহোৱা বুলি কোৱা-কুই কৰি আপোনাৰ নীচ স্বভাৱৰ পৰিচয় দিছিল। বিবাহৰ পাচত কন্যাৰ দ্বিৰাগমন হৈ আকৌ পিত্ৰালয়লৈ নিয়া হল। তাৰ পাছৰ জ্যৈষ্ঠত মাহিন্দ্ৰী ফুকননীৰ প্ৰথম ৰজোদৰ্শন হয়। কিন্তু যোগ অশুভ হোৱাত শান্তিয়নী স্থগিত থাকিল। সেই বছৰৰ কাৰ্ত্তিকত শান্তি কৰি ফুকনে তেওঁক ঘৰলৈ আনিলে।