পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
আনন্দৰাম ঢেকিয়াল
 


 ইন্দ্ৰবংশীয় বা আহোম ৰজাসকল অনাৰ্য্য জাতি। তেওঁবিলাক অতি পূৰ্ব্বে অভকতীয়া আছিল। শিৱসিংহ স্বৰ্গদেৱৰ দিনৰপৰা সেইসকলে একেবাৰে ম্লেচ্ছাচাৰ পৰিত্যাগ কৰি বৈদিক ধৰ্ম্মত আশ্ৰয় কৰিলে। হিন্দুবিলাকৰ দৰে তেওঁবিলাকৰ গুৰু পুৰো- হিত ইত্যাদি আৱশ্যক হল। ৰজাই পৰ্ব্বতীয়া গোঁসাইত দীক্ষা গ্ৰহণ কৰিলে। গৌতম গোত্ৰৰ এঘৰ ব্ৰাহ্মণ উজনীত আছিল সেই ঘৰকে ৰজাই পুৰোহিত কৰি ললে। ৰজাৰ পুৰোহিত হোৱাৰ বাবে তেওঁবিলাক ৰাজগুৰু হল। আৰু ক্ৰমে ৰাজগুৰু ফুকন নামে স্বীকৃত আৰু পৰিচিত হল। ৰাজগুৰু ফুকনৰ ঘৰৰ পশুপতি ফুকন যোৰহাটৰপৰা ব্ৰিটিচ ৰাজ্য প্ৰাপ্তিৰ কিছুমান দিনৰ পাচত গুৱাহাটীলৈ আহি কমিচনৰ চাহাবৰ “ৰেভিনিউ” বিভাগত লাখেৰাজ পঞ্চায়ত হৈছিল। কিছু দিনৰ মূৰত তেওঁৰ পত্নী কমলেশ্বৰী ফুকননী চন্দ্ৰী আৰু মাহিন্দ্ৰী নামে দুটী কন্যা লৈ গুৱাহাটীলৈ আহিল। ইয়াত তেওঁবিলাকৰ দুৰ্গাচন্দ্ৰ নামে এটী পুত্ৰ আৰু ব্ৰজসুন্দৰী নামে এটী কন্যা হয়। পশুপতি ফুকনৰ ঘৰ পাণবজাৰত। মাধৱৰাম বৰা আৰু গোবিন্দৰাম নাজীৰৰ ঘৰ এওঁৰ ঘৰৰ ওচৰত। পাণবজাৰতে অনেক দোকান আৰু বিদেশী আমোলা থকা ঠাই। পশুপতি ফুকন বৰ সজ, দৃঢ় আৰু শান্ত স্বভাৱৰ লোক আছিল৷ সদাই পূজা, ব্ৰত ইত্যাদি কৰিছিল। কোনে৷ পৰ্ব্বত এনেই সদাই লোকসকলক নিমন্ত্ৰণ কৰি আহাৰ কৰাইছিল। লোকক অভ্যৰ্থনা কৰা, আহাৰৰ সামগ্ৰী যথানিয়মে সুন্দৰকৈ দিয়া, ঘৰৰ বস্তু-বেহানি ভালকৈ ৰক্ষা কৰা যিবিলাক গুণ ঘৈণীবিলাকৰ আৱশ্যক সেই সকলো গুণ এইজনা ফুকননীৰ আছিল। চন্দ্ৰীক লক্ষ্মীদত্ত বৰকটকী মুনচেফৰ কনিষ্ঠ পুত্ৰ হোমেশ্বৰ কটকীয়ে বিবাহ কৰালে। মাহিন্দ্ৰীয়ে সৰুৰেপৰা ঘৰত থাকি পিতৃ-মাতৃক বয়সোচিত সাহায্য কৰিছিল। আৰু কপাহ,