পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৫১
 


য়াবা বলৰাম ফুকন আৰু কেতিয়াবা আন মানুহ লগত যায়। বহু দূৰণিলৈকে ফুৰিবলৈ গৈছিল। লোকৰ সমাৰোহ থকা বাটতকৈ মানুহ নোহোৱা বাটেৰেহে তেওঁ ফুৰিবলৈ ভাল পাইছিল। ফুৰি আহি লেখা-পঢ়া কৰি বা কোনো লোক আহিলে তেওঁৰে সৈতে কথা বাৰ্ত্তা হৈ ৯ বজ৷ মানত স্নান কৰে। তাৰ পাচে সন্ধ্যা, পূজা, ভোজন কৰি আহি আকৌ পাইজামা, চাপকন পিন্ধি বৈঠকখানালৈ আহে। তাৰ নিৰ্দ্দিষ্ট খোটালিত লেখা-পঢ়া কৰি ভাটী বেলীয়া জল খাই আকৌ বিয়লী গাৰীত ফুৰিবলৈ যায়। নতুবা এনেই ইফাল সিফাল কৰি বাহিৰত ফুৰিছিল। গধূলি তেওঁ চাহ খায়। তাৰ পাছে লেখা-পঢ়া কৰে, অথবা আগন্তুক লোকে সৈতে কথাবাৰ্ত্তা কৈ ভিতৰলৈ যায়। ৰাতি ৮ বা ৯ মানত সায়ং সন্ধ্যা আৰু ভোজন কৰি ৯॥ বা ১০ মানত শয়ন কৰে। সময়ে সময়ে ফুকনে চাহাব সকলৰ ঘৰলৈ বা আন দেশীয় মানুহৰ ঘৰলৈ গৈছিল। কেতিয়াবা পৰশুৰাম বৰুৱাৰ ঘৰলৈ গৈছিল। জন্চন্ ডিকচনৰী নামে ইংৰাজী অভিধানখান তেওঁ প্ৰতিদিনে অল্প অল্প মুখস্থ কৰিবলৈ ধৰিলে। তেওঁ প্ৰায় সদাই দুপৰীয়া ব্লাণ্ড পাদুৰী চাহাবৰ তালৈ পঢ়িবলৈ গৈছিল। এওঁৰ সকলোতকৈ পৰশুৰাম বৰুৱাৰে বৰ বন্ধুভাব আছিল।

 ঘৰৰ ঘৈণী আৰু পৰিবাৰসকলে সৈতে কি আন লোকে সৈতে এওঁ সদাই হৰ্ষমনে আলাপ কৰিছিল। পিতৃ ফুকনৰ দিনৰ অনেক অনুগত লোক আহি এওঁৰ লগ লাগিল। ফুলৰাৰপৰা পৰশুৰাম বৰুৱাৰ দিনৰ নানুসিংহ নামে এটা শিখ আৰু খাৰঘৰীয়া ফুকনৰ দিনৰ ছাপ্ৰাচী মধু সেই টোলতে সপৰিবাৰে আছিল; সিও ফুকনৰ কাৰ্য্যত প্ৰবিষ্ট হল। তনুৰাম কাকতীৰ ওপৰত কোনো কথাত ফুকনৰ বেজাৰ হৈ তেওঁক কাৰ্য্যচ্যুত কৰিলে। ৰামচন্দ্ৰ বিশ্বাসে খাত পামৰ কাৰ্য্য ফুকনৰ আজ্ঞাৰ অধীনে কৰিবলৈ ধৰিলে। এই পৰ্য্যন্ত ফুকনৰ মাতৃৰ হাতত সকলো