পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৪৭
 


পালেহি। তেওঁৰ মুখে সকলো সম্বাদ পাই সকলোৰে সন্তোষ হল।

 মাঘৰ কিছু বাটতে গল। ১৮৪৫ চনৰ জানুৱাৰীত আৰু মাঘৰ কিছুমান দিন যোৱাত নাও আহি আহি দুই বজামান বেলিত ঘাট চাপিল। ঘৰৰ আৰু ওচৰচুবুৰীয়া অনেক লোক নাওলৈ গল। ওচৰৰ ডোম গাওঁৰ ডোমবিলাকে তাল- খোল বাদ্য লৈ আগবাঢ়ি গল। গুণাভিৰাম আৰু অনেক লোক ৰঙ্গ মনেৰে নাওলৈ অহাত ফুকন বৰ সন্তোষিত হল। গুণাভিৰামৰ সকলোবিলাক দাঁত তেতিয়া গজা নাছিল। ফুকনে গুণাভিৰামৰ পঢ়াৰ মহলা লৈ বৰ সন্তোষ পালে। গায়ন-বায়ন সকলে বৰ ৰঙ্গ মনে তাল-খোল বজাবলৈ ধৰিলে। ফুকনে সেইবিলাক বজাবলৈ নিষেধ কৰিবৰ নিমিত্তে কাশীচন্দ্ৰৰ আগত কলে। কাশীচন্দ্ৰই নিষেধ কৰিলে হয়, সেই কথা কোনেও নামানিলে। সিহঁতে কলে—“দেউতাই যি কৰে কৰোক, বন্দীহতে আজি বজাম, আজি আমাৰ বৰ ৰঙ্গৰ দিন।” ইহঁতক কোনেও ধন দি মাতি অনা নাছিল। এই ডোমবিলাক ফুকনৰ ঘৰত কাজ-সকাম হলে প্ৰায় এনেই আহি পূৰ্ব্বৰ স্নেহতে সাহায্য কৰে। খাতৰ মানুহে আহি লগত অহা পাল্কী ললে, তাতে উঠি ফুকন ঘৰলৈ গল। অতি কম হলেও ২৫০,৩০০ লোকে ফুকনক নাওৰপৰা আগবঢ়াই আনিলে। ভিতৰৰ দেহুৰীতে পাল্কীৰপৰ৷ নামি ফুকনে গোসাঁই ঘৰত গোপাল আৰু গণেশ মূৰ্ত্তিক সেৱা কৰি ভিতৰলৈ গল। দৰৱান লগত গৈছিল। সকলোবিলাক লোক ভিতৰলৈ যাবলৈ উপক্ৰম কৰাহেন দেখি ফুকনে আন মানুহক যাবলৈ নিষেধ কৰিলে। তেওঁৰ স্নেহময়ী মাতৃয়ে তেওঁক আদখিনি বাটতে আহি সজল নয়নে সাৱটি লৈ চুমা খালে। তেওঁ মাতৃক সেৱা কৰিলে। তাৰ পাচে পিতামহী, বিমাতা আৰু আন আন পূজনীয়সকলক সেৱা কৰি বলৰাম ফুকনৰ ফালে গল। এইজনা ফুকনৰ মাতৃ তাৰ কিছুদিন পূৰ্ব্বে খাতলৈ গল।