পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
আনন্দৰাম ঢেকিয়াল
 


হিংস্ৰক জন্তু আৰু ডকাইত। এইবাবে তেওঁ কলিকতাৰপৰা এজন হিন্দুস্থানী দৰৱান লৈ আহিছিল। সুন্দৰবনত খাবলৈ কলিকতাৰপৰা কেইমুটকিমান ভাল পানীও ফুকনে লগত লৈ আহি- ছিল। তেওঁ এই নিয়ম কৰিলে যে বাটত সকলোৱে সলনি বদলি কৰি ৰাত্ৰি সাৰে থাকিব। সেই নিয়মে আহি সুন্দৰবন এৰা হল। ৰামচন্দ্ৰ বিশ্বাস আৰু কাশীচন্দ্ৰ বিশ্বাসে বৰকৈ ধৰিলে যে ফুকন তেওঁবিলাকৰ ঘৰলৈ যায়। ফুকন কলিকতা মহানগৰত আছিল। বঙ্গদেশৰ গ্ৰাম্য শোভা দেখা নাছিল। গুৱাহাটীত থাকোতেও তেওঁ গুৱাহাটীৰ ওচৰৰ গোগ বেলতলা বিনে আন গ্ৰাম দেখা নাছিল। এই ভাবি বিক্ৰমপুৰ পৰগণা সোমাই মিৰকাছিমৰ খালত নাও ৰাখি বিশ্বাসৰ ঘৰ বৈতকালৈ গল। তাত তিনিদিন থাকি আকৌ নাওলৈ আহিল। সেই ঠাইৰ মানুহবিলাকে এওঁক আসামৰ এজন ৰজা-জমিদাৰ বুলি ভাবিছিল। তাৰপৰা ঢাকালৈ আহি নগৰ উঠি দেখিব লগীয়া সকলোকে চাই নাও মেলি দিলে। ৰামচন্দ্ৰৰ ভাগিনীয়েক কালীকৃষ্ণ আৰু ভতিজাক কাশীচন্দ্ৰ তেওঁৰ লগত অসম দেশত কাম বিচাৰি আহিল। ৰামচন্দ্ৰ বিশ্বাসে সৰু এখন নাও লৈ আগেয়ে ঘৰত সংবাদ দিবলৈ আৰু আন আন আৱশ্যকীয় কাৰ্য্য কৰিবলৈ আহিল। ফুকনৰ নাওত এইবিলাক মানুহ আহে—পৰশুৰাম বৰুৱা, পোৱালচন্দ্ৰ, কাশীচন্দ্ৰ বিশ্বাস, কালী- কৃষ্ণ ৰায়, শ্ৰীধৰ বাপু, হৰনাথ, শম্ভু, ৰাতিয়া আৰু এজন দৰৱান। ইয়াত বাজেও মাজী মাল্লা ৮ জন। এওঁ বিলাকে দুয়োবেলা বামত ৰান্ধি খাইছিল। তেতিয়া শীত কালৰ দিন চুটি। এইদৰে খাওঁতে অনেক সময় যায়। বিশেষ ডকাইতৰো বাটত ভয়। নাওত বহৰ নহলে ৰাত্ৰি মহা ভয়। সেই দেখি চিৰাজগঞ্জত এখন পালোৱাৰ নাও গোৱালপাৰা পৰ্য্যন্ত কেৰেয়া কৰা হল। চিৰাজগঞ্জ বঙ্গদেশৰ এক প্ৰধান বাণিজ্যৰ ঠাই। ই যমুনা নদীৰ তীৰতে। এই যমুনা প্ৰকৃততে ব্ৰহ্মপুত্ৰৰ এক