পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৪৩
 


থাকে। তাত সেইবিলাক থাকিবৰ অনেক “হোটেল” আছে। সেই গোৰাবিলাক অতি অসভ্য। অনেকে ফটিকা খাই মতলীয়া হৈ ফুৰে। সময়ে সময়ে বাটৰ মানুহক বৰ বিৰক্ত কৰে! নিজেও মৰামৰি হাইউৰ্ম্মি কৰি থাকে। এদিন ফুকনৰ সৈতে বিশ্বাস গাড়ীত উঠি সন্ধ্যা সময়ত লালবজাৰেদি যাওঁতে এটা মতলীয়া গোৰা সেই গাড়ীত উঠিল। ৰামচন্দ্ৰ বিশ্বাসে নুঠিবি বুলি “হেই হেই” কৰাত গোৰাটোৱে বিশ্বাসক গোৰ এটা মাৰি গুচি গল।

 সকলে৷ বস্তু কিনা হলত ফুকনে তাৰ পৰিচিত সকলো বৰ মানুহ আৰু আন আন মানুহেৰে সাক্ষাৎ কৰি ১৮৪৪ চনৰ নবেম্বৰ মাহৰ শেষত এখন ৬০০ মোনী নাও কেৰেয়া কৰিলে। তাত সকলোবিলাক বস্তু বোজাই দি কলিকতাৰ পৰা যাত্ৰা কৰিলে। আহিবৰ সময়ত তেওঁক শিক্ষকসকলে সুখ্যাতি-পত্ৰ দিলে। তেওঁ তেওঁৰ পৰিচিত বন্ধু আৰু সহাধ্যায়ীসকলৰ নাম লেখি আনিলে। আৰু দুবছৰ থকা হলে ফুকনে জুনিয়ৰ স্কলাৰ্চিপ পৰীক্ষা দিব পাৰিলেহেঁতেন। তথাপি আহিবৰ সময়ত তেওঁ পাটীগণিত, প্ৰায় সম্পূৰ্ণ বীজ গণিতৰ সামান্য নিয়ম, জ্যামি- তিৰ প্ৰথম অধ্যায়, ইংলণ্ড, ৰোম, গ্ৰিচ আৰু ভাৰতবৰ্ষৰ ইতি- হাস, ইংৰাজী কাব্য-সংগ্ৰহ প্ৰভৃতি গ্ৰন্থ পাঠ কৰিছিল। ইংৰাজী- ভাষা কবলৈ আৰু ইংৰাজবিলাকৰ সৈতে ব্যৱহাৰ কৰিবলৈ যি কেতবিলাক নিয়ম তাকো শিক্ষা কৰিছিল। বঙ্গলা ভাষাও ভালকৈ শিক্ষা কৰিছিল।

 সুন্দৰবনেৰে ফুকন উজাই আহিল। বাকৰগঞ্জ যশোহৰ জিলাৰ দক্ষিণে সমুদ্ৰৰ তল যোৱা অৰণ্যকে সুন্দৰবন বোলে। ই পূৰ্ব্বে মহ৷ অৰণ্য আছিল। ইয়াৰে আহোঁতে যাওঁতে সমুদ্ৰৰ জোৱাৰ ভাটাৰে আহিব যাব লাগে। এইটো বৰ সঙ্কটজনক পথ। পানীত কুম্ভীৰ বা ঘাঁৰিয়াল, বামত ব্যাঘ্ৰ, মহিষ প্ৰভৃতি