পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
শিক্ষাবিদ বাণীকান্ত কাকতি

সকলৰ পৰা সাধাৰণ লোকসকলৰ সংগৰে জীৱনৰ কিছু সময়বোৰ কটাইছিল।

 ৰিহাবাৰীৰ শান্ত নিৰ্জন পৰিৱেশে, আপোন ঘৰৰ শান্তি আৰু জনবহুলৰ পৰা নিলগ পৰিৱেশ বাণীকান্ত কাকতিক লেখা-পঢ়া, গৱেষণা আদি কামত মগ্ন হোৱাত সহায় কৰিছিল। পঢ়া-শুনাত ইমানেই ব্যস্ত হৈ পৰে যে কেতিয়াবা কেতিয়াবা দিন গৈ নিশা হ’লেও তালৈ ভ্ৰুক্ষেপ নেথাকে। পত্নীয়ে উদ্বিগ্ন হৈ কেৱল খোৱা লোৱাৰ কথা সঁকিয়াব লগা হয়। তেওঁৰ অধ্যয়ন কোঠালীলৈ পত্নীৰ বাহিৰে কোনো নগৈছিল। অমায়িক সৎ চৰিত্ৰ পত্নী গৰাকীয়ে তেওঁক সকলো কামতে সহায় আগবঢ়াইছিল। সন্তান সকলক তেওঁ সু শিক্ষা দিছিল।

 ‘ভাষা বিজ্ঞান গৱেষণাত’ আত্ম নিয়োগ কৰি তেওঁ ‘আচামিজ ইট্‌ছ ফৰমেশ্যন এণ্ড ডেভেলপমেন্ট (Assamese Its Farmation & Development)’ গৱেষণা থেচিচখন ১৯২৭ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰি উলিয়ায়। এই কাল জয়ী থেচিচখন লৈয়ে তেওঁ ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট (P.H.D.) ডিগ্ৰী লাভ কৰে। উল্লেখনীয় কথা যে ১৯৩৫ চনৰ ৫ আগষ্টৰ দিনা কলিকতা বিশ্ববিদ্যালয়ৰ উপচাৰ্য্যই পঠোৱা দিগ্ৰীৰ টেলিগ্ৰাফ খনি কটন কলেজ পায়হি। অধ্যক্ষ, অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকল উল্লাসিত হৈ পৰে। কিন্তু এই সকলো আনন্দৰপৰা ড° কাকতি অকলে ক'ৰবাত বহি আছিলগৈ। সেইসময়ত ডক্টৰেট ডিগ্ৰীধাৰী আছিল আঙুলিমূৰত লিখিব পৰা। এই খবৰে তেওঁক বৰ সন্তোষ দিলেও গৰ্ব ভাব হলে মনলৈ অহা নাছিল।