পৃষ্ঠা:অনিমা গুহ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ ইয়াত যুৱ সমাজত নৈতিক অধঃপতন (ইয়াত যৌন সংক্ৰান্ত ঘটনাবোৰহে নৈতিকতাৰ সংজ্ঞাৰ অন্তৰ্গত) দেখিলে মানুহে পোনছাটে পশ্চিমৰ অন্ধ অনুকৰণ কৰি ৰসাতললৈ যোৱা বুলি কয়। ফ্ৰেচনো মৰুভূমিৰ ফলৰ গছৰ তলত থিয় হৈ ভাবিছিলো সঁচাকৈয়ে অন্ধ অনুকৰণ কৰে নে? কৰা হ'লে সাধাৰণ অৱস্থাৰ মানুহেও নিয়মীয়াকৈ ফল খাব পাৰিলেহেঁতেন।

 আৰু যৌন সংক্ৰান্ত আচৰণত? আমেৰিকান গাভৰুৱে মুকলিমুৰীয়াকৈ পুৰুষৰ সৈতে মিলা-মিচা কৰা দেখিলে কোনোবাই যদি তেওঁলোকক সহজলভ্যা বুলি সীমা অতিক্ৰম কৰিব খোজে তেনেহ'লে সিজনাৰ কপালত জুটিব জৰিমনা অথবা কাৰাদণ্ড। আজিকালি ভাৰতৰ পৰা বহুজাতিক কোম্পানীবোৰে বিদেশলৈ সঘনাই যাবলগীয়া হোৱা শীৰ্ষ বিষয়াসকলৰ অধীনত অস্থায়ীভাৱে কাম কৰিবলৈ কিছু কনিষ্ঠ ডেকা কৰ্মচাৰীকো পঠায়। তেনে এগৰাকী পদস্থ বিষয়াই কৈছিল আমাৰ নিজৰ দেশত ছোৱালীৰ লগত মুকলিমূৰীয়া হৈ ফুৰা-চকা বা কথা পাতিব নোৱৰা বুভুক্ষু ডেকাসকলে আমেৰিকাৰ মুকলিমূৰীয়া ছোৱালীক সহজলভ্য বুলি ভাবি ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতি যৌন অভিসন্ধিমূলক আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ই আইনৰ চকুত দণ্ডনীয় অপৰাধ। ভাৰত এৰিবৰ আগতে ডেকাসকলক এই বিষয়ে সতৰ্ক কৰি দিয়া হয়। সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ডমিনিক ট্ৰছ কানৰ হোটেলৰ গাভৰু পৰিচাৰিকা এজনীৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈ আগবাঢ়ি অহা বাবে কি অৱস্থা হৈছিল সকলোৱে জানে। পলাই যাব খোজা খ্যাতনামা ব্যক্তিজনক আৰক্ষীয়ে বিমানৰ পৰা নমাই আনিছিল। অথচ এইবেলি তেওঁৰ হেনো ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পদত উপবিষ্ট হোৱাৰ সম্ভাৱনা আছিল। গতিকে নাৰীক সহজলভ্য বুলি ধৰি ল'লে জে'লৰ ভাত খাব লাগিব।

 ফলৰ বাগিচাৰ কথা উলিয়াই আন কথালৈ গ'লো। শুনিছো সম্প্ৰতি মানুহে ফলৰ গছ কাটি ঘৰ-দুৱাৰ সাজি বেচা-কিনাৰ ব্যৱসায়ত লাগিছে।

প্ৰথম বিশ্বত তৃতীয় বিশ্ব বিচাৰি : এই ইচ্ছা মোৰ পূৰণ নহ'ল ৷ কাৰণ এই তৃতীয় বিশ্বখন আধুনিক সভ্যতাই ঢুকি নোপোৱা মৰুভূমিৰ গভীৰ অঞ্চলবোৰত অৱস্থিত। ‘ফ্ৰেছনো বী’ নামৰ বাতৰি কাকত এখনত পঢ়িছিলো কেলিফৰ্নিয়াৰ ম’জাভে, ফ্ৰেছনো, কাৰ্ন আদি মৰু অঞ্চলত ভেড়া পালন পামৰ গৰাকীসকলে ঘাইকৈ ঊল আৰু মাংসৰ বাবে ভেড়া পোহে। কিন্তু ভেড়াৰখীয়া পোৱা সহজ নহয়। আনকি কেলিফৰ্নিয়াৰ খেতি পাম বলয়ত, য'ত নিবনুৱাৰ হাৰ কোনো কোনো ঠাইত পোন্ধৰ শতাংশৰ

বাকীছোৱা জীৱন / ২৩৯