পৃষ্ঠা:অনিমা গুহ.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছে। পাছৰ কিছুমান অভিজ্ঞতা বিভিন্ন কাকতে-পত্ৰে প্ৰকাশ কৰা হৈছে। তথাপিতো মোৰ মনত আঁচ বহুওৱা কিছুমান বিষয় পাঠকক অৱগত কৰিবলৈ মন যায়। কেতিয়াবা আকৌ কলম আগবাঢ়িব নোখোজে যেতিয়া কোনোবাই কোৱা শুনো মই হেনো প্রো-আমেৰিকান। কিছুমানে আকৌ মোক প্রো-বাঙালী বুলি কোৱাও কাণত পৰে। আমেৰিকাৰ ৰাজনীতি, বৈদেশিক নীতি বা তেওঁলোকৰ বিভিন্ন কাম-কাজৰ সমৰ্থক হোৱা হ'লে মোক প্রো-আমেৰিকান ক’লে শুৱালেহেঁতেন। তেনেবোৰ আলোচনা কৰাৰ মোৰ পাৰদৰ্শিতাও নাই। মই আদাৰ বেপাৰী তাত দেখা দুটামান বিষয়ৰ প্রশংসা কৰিলেই আমেৰিকাপ্রেমী হ’লো নে? মোৰ সন্দেহ নিন্দুকসকলে প্রো-ৰ অর্থই বুজি নাপায়।

 কিছুমানে কোৱা শুনো একমাত্র পুতেকে মাক-দেউতাকক ইয়াত পেলাই থৈ বিদেশবাসী হৈছে। আজিৰ যুগত আমি প্ৰায়বোৰ পৰিয়ালতে দেখা পাওঁ ল'ৰা-ছোৱালীহঁতে সুযোগ-সুবিধা পালে আন ঠাইলৈ যায় চাকৰিৰ সন্ধানত। আনকি গাঁৱৰ ল’ৰা-ছোৱালীও জীৱিকাৰ সন্ধানত চহৰ-নগৰলৈ আহে। অৰ্থাৎ কৃষিভিত্তিক সমাজৰ মানুহো বর্তমান যুগত চহৰমুখী হ’বলৈ বাধ্য হৈছে। দিল্লী-কলকাতাত আগতেই দেখিছো, এতিয়া গুৱাহাটীতো দেখো বহু পৰিয়ালৰ ল’ৰা-ছোৱালী অসমৰ বাহিৰত চাকৰি কৰা বাবে মাক-দেউতাক অকলে থাকিবলগীয়া হয় নাইবা নিজৰ ঘৰ এৰি তেওঁলোক পুতেকৰ লগত থাকেগৈ।

 উচ্চ শিক্ষার্থে আমাৰ ল’ৰাক আমেৰিকালৈ যাবলৈ অনুপ্ৰেৰণা যোগোৱা মানুহজনী মই। তাত থাকি যোৱাৰ ইচ্ছা তাৰ নাছিল। পি এইচ ডি প্রগ্রাম শেষ হোৱাৰ আগে আগে সি ভাৰতলৈ আহি খড়গপুৰ আই আই টিত তাৰ শিক্ষাগুৰুৰ সৈতে ইয়াত গৱেষণাধর্মী কাম-কাজৰ সা-সুবিধাৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ কৈছিল গৱেষণামূলক কাম কৰিব খুজিলে আমেৰিকাত কৰাই ভাল। ‘নিশ্চিন্ত মনেৰে কাম কৰিব পাৰিবা। গৱেষক কোন দেশৰ, কোন জাতৰ সেই চিন্তা তেওঁলোকে নকৰে। তেওঁলোকক লগে পৰিশ্ৰমী, দক্ষ ব্যক্তি। আমাৰ চৰকাৰৰ ৰঙাফিতা সংস্কৃতিৰ ভিতৰত থাকি গৱেষণা কৰা সহজ নহয়। দেখা নাই আমাৰ হতাশাগ্রস্ত বিজ্ঞানীসকলে কেনেকৈ আত্মহত্যাৰ পথ বাছি লয়।’

 এনেবোৰ হেঙাৰ সম্ভৱতঃ আজি নাই। মই ১৯৮৮-৮৯ ৰ কথা কৈছো। এই প্ৰসংগত মনত পৰিল বিজ্ঞানী ডাঃ সুভাষ মুখাৰ্জীলৈ। ইন-ভিট্‌ৰ ফার্টিলাইজেশ্যন ( IVF ) নামৰ এটা প্ৰযুক্তিৰে বিশ্বৰ প্ৰথমজনী শিশু কন্যা লুইছ ব্ৰাউনৰ মানচেষ্টাৰত

বাকীছোৱা জীৱন /২২৫