পৃষ্ঠা:অনিমা গুহ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্জাব-হাৰিয়ানা আদি ৰাজ্যত, য'ত বিয়া কৰাবলৈ ছোৱালীৰ অভাৱ। কিয় অভাৱ? কাৰণ তেওঁলোকে এফালৰ পৰা কন্যা ভ্ৰূণবোৰ মাৰি-কাটি খাস্তাং কৰে।

 বহুদিনলৈ ধাৰণা আছিল মানুহ বেচা-কিনাত লিপ্ত হোৱা সকল এটা বিশেষ শ্ৰেণীৰ তলখাপৰ চৰিত্ৰহীন মানুহ, কিন্তু দেখাত ওপৰখাপৰ শিক্ষিত মানুহেও সমাজৰ চকুৰ আঁৰত ৰমৰমীয়া এই ব্যৱসায়ত নামিব পাৰে। এনে এগৰাকী ভদ্ৰ মানুহৰ মুখা পিন্ধা মহিলা কলকাতাত আমাৰ ঘৰৰ ওচৰতে আছিল।

 আমাৰ ঘৰত পাৰ্ট টাইম কাম কৰা লক্ষীৰ মাকৰ এজনী কিশোৰী জীয়েকে সেইখন ঘৰত কাম কৰিছিল। মানুহগৰাকীয়ে নিজৰ অতি মৰম লগা ল'ৰা-ছোৱালীহালক কলকাতাৰ ভাল স্কুলত পঢ়াবলৈ ঘৰ-ভাড়া কৰি থাকিছিল। স্বামীৰ বদলিৰ চাকৰি। তেওঁ দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল। বাটে-পথে দেখা হ’লে সাধাৰণভাৱে বাক্য বিনিময় কৰিছিলো। এদিন লক্ষীৰ মাকে ক’লে তেওঁৰ ছোৱালীজনীক মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছে। মানুহে হেনো কোৱাকুই কৰে তেওঁ ছোৱালী বিক্ৰী কৰে। সঁচাকৈয়ে দেখিলো এদিন মানুহগৰাকীৰ ঘৰৰ সন্মুখত মানুহে মানুহ। তেওঁক ওলাই আহিবলৈ চিঞৰিছে। ভয়তে মই আগফালৰ দুৱাৰ বন্ধ কৰি দি কঁপিবলৈ ধৰিছিলো। উশাহ বন্ধ হৈ আহিছিল। মানুহে তেওঁক উলিয়াই আনি যদি নিৰ্যাতন কৰে। ফোনটোও মৰি আছিল বাবে পুলিচক খবৰ দিব পৰা নাছিলো। অৱশ্যে পুলিচ আহিছিল। তাৰ আগতে মহিলাৰ দল এটাই জোৰ কৰি ঘৰত সোমাই মানুহজনীৰ চুলিখিনি বখলা-বখলি কৰি কাটি পেলাইছিল। পিছদিনা তেওঁলোক ক’লৈ গ’ল নাজানিলো। শুনিছিলো মানুহজনীয়ে নিয়মীয়াকৈ ছোৱালী বেচিছিল। লক্ষীৰ মাকৰ জীয়েকক অৱশ্যে বেচিব নোৱাৰিলে।

 মানুহ বিক্ৰীৰ এটা হাই প্ৰফাইল ঘটনা কলকাতাতেই দেখিছিলো। মোৰ বান্ধৱীৰ বান্ধৱী ৰমলা দত্তৰ কোনো অভাৱ নাই। অভাৱ কেৱল এটি সন্তানৰ। ৰমলা সমাজ সেৱিকা। দুঃস্থ মহিলাসকলক আত্মনিৰ্ভৰ হ’বলৈ তেওঁ নিজৰ ঘৰতে চিলাই, উল গোঠা, এমব্ৰয়দাৰী কৰা ইত্যাদি শিকোৱাৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰিছিল। ৰমলাৰ স্বামী আছিল চাটাৰ্ড একাউনটেণ্ট। দিনটো ব্যস্ত ক্লায়েন্টৰ লগত। টকা-পইচাৰ অভাৱ নাই। মাজে মাজে হতাশ হৈ ভাবে কাৰ বাবে নো কষ্ট কৰিছে। কোনোবা দুখীয়া পৰিয়ালৰ ল'ৰা এটা বা ছোৱালী এজনীক যদি তুলি ল'ব পাৰিলোহেঁতেন! পিছে কোনে দিব নিজৰ সন্তানক, ৰমলাই ভাবে।

 তেওঁলোকৰ মনৰ ইচ্ছা এদিন পূৰণ হ'ল। ৰমলাৰ কোলাত আঢ়ৈ বছৰীয়া ল'ৰাটো

বাকীছোৱা জীৱন /২১৭