পৃষ্ঠা:অনিমা গুহ.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাটিডৰা পাঁচ ভাই-ককাইৰ ভিতৰত ভাগ হ’লে কালৈকো নুজুৰিব। গতিকে মঙল গ্ৰহত মাটিৰ দাম বঢ়াৰ আগতে সি কিছু কিনি থ'ব খোজে, যেন তাৰ নাতি-পুতিয়েও খাই-বই সুখেৰে থাকিব পাৰে। তাৰ প্ৰস্তাৱ শুনি মই স্বগতোক্তি কৰিছিলো— অল্পবিদ্যা ভয়ংকৰী। পিছে মঙল গ্ৰহলৈ যাবলৈ তাৰ মনত সংশয় এটা আছে। শূন্যতে ওলমি থকা গ্ৰহটোৰ পৰা যদি ধুমকৈ পৰি যায় হাত-ভৰি ভাগি নমৰিব নে? মই অভয় দি কৈছিলো যে বিজ্ঞানীসকলে নপৰাৰ ব্যৱস্থা কৰি দিব।

 মোৰ কথা শুনি সি আশ্বস্ত হৈ কৈছিল যে তালৈ যাওঁতে কেইদিনমানৰ বাবে খোৱা-বোৱাৰ সা-সামগ্ৰী লগত লৈ যাব লাগিব। কিছু খৰি, চাউল, নিমখ, তেল আৰু আলু নিলেই যথেষ্ট। মই তাক কৈছিলো দিয়াচলাই এটা নিবলৈ যেন নাপাহৰে।

 মঙল গ্ৰহলৈ যোৱাৰ স্বপ্নত বিভোৰ হৈ থকা ভূপতিয়ে হঠাতে দুদিনমান পাছত উত্তেজিত হৈ আহি ক'লে— ‘জেঠী, আচল বস্তুটো নিয়াৰ কথাইতো মনত নাছিল। অন্ততঃ এহাল গৰুতো নিবই লাগিব। মাটি চহাম কেনেকৈ?’

 ভূপতি সঁচাকৈয়ে এটা মনত ৰাখিবলগীয়া চৰিত্ৰ।

 চৰিত্ৰ নম্বৰ ছয় : কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰতি বাইদেউৰ বায়েক ছোড়দি— অৰ্থাৎ সৰু বাইদেউ— আমাৰো ছোড়দি। ছোড়দিৰ ল'ৰা-ছোৱালী হালেই বিদেশবাসী আৰু আৰতিদি নিঃসন্তান। গতিকে দুয়ো অকলশৰীয়া বাই-ভনী একেলগে থাকে ৷ দুয়ো বৰ সাদৰী আৰু ৰসৰ ভঁৰালো৷ ছোড়দি ৰন্ধন পটিয়সী। তেওঁ ৰন্ধা আঞ্জাৰ জুতি বহুদিনলৈ জিভাত লাগি থাকে। ৰন্ধা বঢ়া, পূজা কৰা আৰু গল্প কিতাপ পঢ়া ছোড়দিৰ জীৱনৰ ঘাই কাম। তেওঁৰ গোসাঁই ঘৰটো চাবলগীয়া। আহল-বহল কোঠাটোৰ ইমূৰৰ পৰা সিমূৰ অধিকাৰ কৰি আছে এক ডজনমান হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে। দেৱীতো নহয় এওঁলোক যেন ছোড়দিৰ খেলৰ পুতলা। এওঁলোকক গা ধোৱায়, খুৱায়, ৰাতি গাদী থকা বিছনাত শুৱায়, পুৱা জগায়, নতুন নতুন ফেশ্বনৰ কাপোৰ পিন্ধায় আৰু ক’ত যে কি নকৰে! ইমানৰ পাছতো তেওঁ ভগৱানসকলৰ মাজত যীশুৰ অভাৱ বোধ কৰে।আৰতিদি চেমিনাৰ-কনফাৰেন্স আদিত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে দেশ-বিদেশলৈ যায়। এবাৰ ক'ৰবাৰ পৰা বায়েকলৈ আনিলে এটা যীশুৰ মূৰ্তি। ছোড়দিৰ জীৱনৰ এটা অপূৰ্ণ বাসনা পূর্ণ হ’ল। যথা সময়ত গোসাঁই ঘৰত মূৰ্তিসকলৰ শাৰীৰ এটা মূৰত যীশুৱেও স্থান পালে। পিছে চাহাব হোৱা বাবে তেৰাক স্থান দিলে এখন টেবুলৰ ওপৰত। হিন্দুৰ দেৱতা বাহিনীলৈ ফল-মূল-মাহ আদি আগবঢ়োৱাৰ বিপৰীতে যীশুলৈ আগবঢ়োৱা হয় টফী, পাওৰুটি, বিস্কুট, কেক

বাকীছোৱা জীৱন / ২১৩