পৃষ্ঠা:অনিমা গুহ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এবাৰ এজন বৃদ্ধ ভদ্ৰলোকে সচেতনাৰ কৰ্ম-কৰ্তাসকলক লগ ধৰি কৈছিল যে বোৱাৰীয়েকে আত্মহত্যা কৰি শহুৰকুলৰ সকলোকে জে'লৰ ভাত খুওৱাৰ ব্যৱস্থা কৰিব বুলি সদায় ভাবুকি দিয়ে। নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওচৰলৈও নিৰ্যাতক বোৱাৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আহিছিল একাধিক নিৰ্যাতিত স্বামী-শহুৰ আৰু শাহু।

 মহিলা সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হৈছে যদিও অধিকাংশ মহিলাই এইবোৰৰ ভু নাপায়। নোপোৱাৰ ঘাই কাৰণ শিক্ষাহীনতা আৰু সচেতনতাৰ অভাৱ। ২০১১ চনৰ জনপিয়ল মতে সাক্ষৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও অসমত নিৰক্ষৰ নাৰীৰ হাৰ ৩২.৭৩ শতাংশ। তদুপৰি চহীটো কৰি সাক্ষৰ নাম পোৱা পুৰুষ বা নাৰী শিক্ষিত নহ'বও পাৰে। গতিকে নিৰক্ষৰ বা নামত সাক্ষৰ মহিলাৰ মাজত সচেতনতা শূন্য বুলি ক’ব পাৰি। তেওঁলোকে নাজানে স্বামী গৃহত নিৰ্যাতনৰ পৰা সুৰক্ষা পাবলৈ আছে ব্ৰহ্মাস্ত্ৰ স্বৰূপ দুখন আইন— ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ ( ক ) ধাৰা আৰু পাৰিবাৰিক হিংসা নিৰ্মূল আইন ২০০৬।

 যিসকল মহিলাই অজ্ঞতাৰ বাবে অথবা সন্তানৰ মুখলৈ চাই বা আন কাৰণে আইনবোৰৰ বিষয়ে জনা সত্ত্বেও আইনৰ সহায় নলয় তেওঁলোকে অশান্তিৰ মাজেৰে জীৱন কটায়। ইয়াৰ বিপৰীতে কিছুমান অসৎ স্বভাৱৰ মহিলাই আইনৰ সুৰুঙা উলিয়াই শহুৰ-শাহু-স্বামী-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰোৱায়। ‘ৰক্ষা’ নামৰ বেচৰকাৰী সংস্থা এটাই কৰা সমীক্ষা মতে আইনৰ অপব্যৱহাৰ কৰা এই মহিলাসকল চহৰ-নগৰৰ আৰু স্নাতক ডিগ্ৰীধাৰী। আমি যিসকলে নাৰী মুক্তিৰ বাবে সংগ্ৰাম কৰি আছো তেওঁলোকে মুষ্টিমেয় স্বাৰ্থান্বেষী বিবেকহীন অসৎ মহিলাৰ আচৰণত লজ্জাবোধ কৰিছো। উল্লিখিত সংস্থাটোৰ ৰিপ'ৰ্টমতে ১.২ লাখ স্বামী-শহুৰ শাহু-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি ৪৯৮ ( ক ) ধাৰাৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। এওঁলোকৰ মাজত দুই শতাংশহে অপৰাধী বুলি প্ৰমাণিত হৈছে। যৌতুকৰ বাবে নিৰ্যাতনো এই ধাৰাৰ অধীনত পৰে। গতিকে যৌতুকৰ বাবে নিৰ্যাতন ভোগ কৰি থকা বুলি মিছা অভিযোগ অনা সহজ।

 শিক্ষিতা আৰু চহৰ-নগৰৰ মহিলাসকলৰ এনে হীন মনোবৃত্তিৰ উমান পাই যিসকল মহিলাই নাৰী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাবলৈ উঠি-পৰি লাগিছিল, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল তেওঁলোকে এতিয়া আইনখন সংশোধন কৰাবলৈ ব্যস্ত হৈ পৰিছে।

বাকীছোৱা জীৱন / ২০৭