পৃষ্ঠা:অনিমা গুহ.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্তানবোৰৰ ওপৰত দেউতাকৰ অভিভাৱকত্ব নথকাৰ বোধ ওপজে কিয়নো ৰীতিমতে সিহঁত মাকৰ ঘৰৰ সদস্য। সম্ভৱতঃ পুৰুষ মানুহবোৰে পৰিচয় সমস্যাতো ভোগে। অতীতত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। আজিকালি এওঁলোকে বিশ্বৰ প্ৰায়ভাগৰে চিনাকি দেউতাকৰ যোগেদি হয় বুলি জনাৰ পাছত হীনমন্যতাত ভোগাটো অস্বাভাৱিক নহয়। সন্তান এটাৰ মাকক চিনাক্ত কৰা সহজ। কিন্তু দেউতাকক? খাচী পৰিয়ালবোৰত স্বামী এজন শিপাহীন ব্যক্তি। বিচ্ছেদৰ পাছত মহিলাই আকৌ বিয়া-বাৰু কৰাই সন্তানৰ জন্ম দিলে আটায়ে মাকৰ নামেৰেই জনাজাত হয়, দেউতাকহঁতৰ চিন-চাব নাথাকে। হয়তো এইবোৰেই বিয়া ভাগি যোৱাৰ কাৰণ।

 আনহাতে বিবাহ বিচ্ছেদে খাচী সমাজৰ মহিলাক গৃহহীন নকৰে। তেওঁলোকেই ঘৰখনৰ গৰাকী, সন্তানো তেওঁলোকৰ। আমাৰ সমাজৰ বিবাহ বিচ্ছেদিতাসকলৰ দৰে ল’ৰা-ছোৱালীক লৈ অথৈ সাগৰত পৰিব নালাগে। কেতিয়াবা সিহঁতৰ মুখলৈ চাই নীৰৱে সকলো সহ্য কৰে। এই ফালৰ পৰা খাচী মহিলা স্বাধীনচিতীয়া। বজাৰখনো তেওঁলোকে চলায়। প্ৰবন্ধ এটাত পঢ়িছিলো বেপাৰ-বাণিজ্য কৰে যদিও বাণিজ্য সম্পৰ্কে খাচী মহিলাৰ জ্ঞান সীমাবদ্ধ। হিচাপ পত্ৰও নিয়াৰিকৈ ৰাখিব নাজানে। কেৱল বুদ্ধিৰ জোৰত চলি আছে।

 এওঁলোকে কিছুমান ক্ষেত্ৰত সা-সুবিধা পালেও পিতৃতান্ত্ৰিক সমাজৰ নাৰীৰ দৰে দ্বিতীয় শ্ৰেণীৰহে নাগৰিক। ৰাজনীতিৰ চোতালত কোনো ভূমিকাত নামিব পৰা নাই। খাচী চিয়েম, অৰ্থাৎ ৰজাসকল সদায় পুৰুষ। তেনেহ'লে কোন তান্ত্ৰিক ব্যৱস্থাই নাৰীক সমমৰ্যাদা দিব? মিছাকৈয়ে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মহিলাই ভাবিছিল নৈৰ সিটো পাৰত সুখ বেছি। আজিৰ উন্নত বিশ্বত পিতৃ বা মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰয়োজন আছে নে? কোনেও কাকো দবাই ৰাখিব নোৱৰা ব্যৱস্থা এটাৰ উদ্ভাৱন কৰা হওক।

পুৰুষ নিৰ্যাতন আৰু অসৎ নাৰী : নাৰী মানেই ধোৱা তুলসীপাত নহয়। সকলো নাৰী নিৰ্যাতিতা নহয়। কিছুমান নাৰীয়ে পুৰুষকহে নিৰ্যাতন কৰে। এওঁলোকৰ সংখ্যা ক্ৰমবৰ্ধমান। পিছে আমাৰ সমাজৰ পুৰুষে পত্নীৰ হাতত নিৰ্যাতিতা হয় বুলি ক’বলৈ লাজ কৰে তেওঁলোকৰ অহং ভাবত আঘাত লগাৰ আশংকাত। তাৰে মাজত দুই-চাৰিজনে অভিযোগ নকৰাকৈ নাথাকে। কলকাতাত সচেতনা নামৰ এটা মহিলা সংগঠন আছে। কোৱা বাহুল্য তেওঁলোকে নাৰী নিৰ্যাতনৰ বিষয়টোতহে গুৰুত্ব দিয়ে।

২০৬/ বাকীছোৱা জীৱন