পৃষ্ঠা:অনিমা গুহ.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিল। ধৰি ল'লো তেওঁৰ নাম ৰীণাদি। বংগৰ এক নামী তথা সমাজৰ আগশাৰীৰ বিদ্বান পৰিয়ালৰ বোৱাৰী হৈ আহিছিল সুন্দৰী শিক্ষিতা ৰীণাদি। কেইবছৰমান পাছত নিঃসন্তান মানুহগৰাকীৰ স্বামীৰ অকাল মৃত্যু হোৱাত ১৯৬১ চনত তেওঁ পুনৰ্বিবাহ কৰায়। ৰীণাদিৰ দ্বিতীয় স্বামী এগৰাকী পণ্ডিত ব্যক্তি। প্ৰগতিশালী পৰিয়াল বুলি জনাজাত প্ৰথম স্বামীৰ পৰিয়ালে বিয়াখন সুনজৰে দেখা নাছিল। তেওঁৰ এই কামে পৰিয়ালটোৰ মান-সন্মান ভূলুণ্ঠিত কৰা বুলিও অনেকে মত প্ৰকাশ কৰিছিল। মানুহগৰাকীৰ ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছিল, বিশেষকৈ দুয়োটা পৰিয়াল বংগৰ আগশাৰীৰ হোৱা বাবে তেওঁলোকক চিনি নোপোৱা মানুহ কমেই আছিল। ৰীণাদিৰো ৰমাদিৰ দৰে মোৰ ওপৰত আস্থা আছিল। গতিকে অলপ দিনৰ চিনাকি হ'লেও সমাজৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। অৱশেষত নিজৰ ৰাজ্যৰ বিষাক্ত পৰিবেশৰ পৰা ওলাই গৈ বিদেশৰ মুক্ত পৰিবেশত তেওঁলোকে শান্তিৰে জীৱনৰ বাকীছোৱা কাল কটাই আছে।

 ডাইনী হত্যাৰ বিৰুদ্ধে আমি সোচ্চাৰ। মানুহ কেতিয়াবা অশুভ হ'ব পাৰেনে? ডাইনীসকল ‘অশুভ’ হোৱা বাবে তেওঁলোকক কোবাই মৰা হয়। আৰু বিধৱাসকল ‘অশুভ’ হোৱা বাবে মানসিক যন্ত্ৰণা দি তিলে তিলে মৰা নহয়নে? নাৰীৰ প্ৰতি সমাজৰ অন্যায় আচৰণে মোৰ মনোজগতক সদায় ভাৰাক্ৰান্ত কৰি ৰাখে। তাতোকৈ দুখৰ কথা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক কৰে নিৰ্যাতন।

নৈৰ ইপাৰে কয়... : ৰবীন্দ্ৰ নাথৰ কবিতা এফাঁকি আছে—

নদীৰ এপাৰ কহে ছাড়িয়া নিঃশ্বাস
ওপাৰেতে কত সুখ এ মোৰ বিশ্বাস।

 অৰ্থাৎ নৈৰ ইটো পাৰে হুমুনিয়াহ কাঢ়ি কয়— ‘মই ডাঠি ক’ব পাৰো সিটো পাৰত বৰ সুখ’। ইয়াৰ আচল অৰ্থ হ'ল আমি নিজৰ দুখ-দুৰ্গতি, অভাৱ-অভিযোগবোৰ নিজৰ জীৱনতহে ঘটি থকা বুলি ভাবো। আনৰ জীৱন যেন সুখৰ উভৈনদী।

 পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মক আমি যিসকল মহিলাই ব্যক্তি স্বাধীনতাৰ পৰিপন্থী বুলি ভাবো তেওঁলোকে মাতৃতান্ত্ৰিক খাচী আৰু গাৰো সমাজৰ মহিলাক ঈৰ্ষা কৰো। তেওঁলোক কিমান মুকলিমুৰীয়া।

 ষাঠি-সত্তৰ বছৰ আগতে বাল্যকালত প্ৰথম শ্বিলঙলৈ গৈ তবধ মানিছিলো

বাকীছোৱা জীৱন / ২০৩