পৃষ্ঠা:অনিমা গুহ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূৰণ নহ'ল। ইতিমধ্যে শীলা প্রয়াত। আনহাতে লতিকাদি অৱসৰগ্ৰহণ কৰি একমাত্ৰ পুত্ৰৰ লগত মুম্বাইবাসী হৈ আছে। বর্তমানে মোৰ লগত সম্পর্ক ছিন্ন। পিছে দুয়োকে চিঠিৰে ১৯৯২ চনতে sticky rice ৰ খবৰ দিছিলো।


মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে

 জীৱনটোত বহু অভিজ্ঞতা আর্জিলো। আনকি মানুহে মানুহক বেচা-কিনা কৰাও দেখিলো। সুদূৰ অতীতৰে পৰা পৃথিৱীৰ বহু ঠাইত এই ব্যৱসায় চলি আছে। ব্যৱসায়টোৰ উৎকৃষ্ট উদাহৰণ আমেৰিকাৰ ক্রীতদাস বেচা-কিনা। ১৬১৯ চনত হলেণ্ডবাসী এজন নাৱিকে উত্তৰ আমেৰিকাৰ ভার্জিনিয়া অঞ্চলত বাস কৰা ব্ৰিটিছসকলৰ ওচৰত আফ্ৰিকাৰ পৰা ধৰি অনা কুৰিজন নিগ্ৰোক (বর্তমানে তেওঁলোকক ব্লেক আমেৰিকান বোলা হয়) বেচিছিল। ১৬৬১ চনত আইনসংগতভাৱে ক্রীতদাস প্রথাৰ প্ৰৱৰ্তন হয়। প্ৰথাটো আছিল অমানৱিক আৰু অমানুষিকো। মানৱীয় গুণসমৃদ্ধ কিছু শ্বেতাংগ আমেৰিকানৰ আশাশুধীয়া চেষ্টাৰ ফলত এই জঘন্য প্রথা উচ্ছেদ হয়। ১৮৬৩ চনৰ ১ জানুৱাৰী তাৰিখে প্ৰেছিডেণ্ট আব্রাহাম লিংকনে আইনসংগতভাৱে ক্রীতদাস প্রথা তুলি দি সকলো মানুহক চিৰদিনৰ বাবে মুক্ত কৰে।

 বর্তমানে আমেৰিকাত নিগ্ৰো বা নিগাৰ শব্দটো উচ্চাৰণ কৰিলে শাস্তি ভোগ কৰিবলগীয়া হয়। এবাৰ আমি আমেৰিকালৈ যাওঁতে নাতিহঁতৰ স্কুলৰ দুটা বগা ল’ৰাৰ শাস্তি হ’ল কলা সহপাঠী এজনক নিগাৰ বুলি কোৱা বাবে। এজনক বোধকৰো স্কুলৰ পৰাই বহিষ্কাৰ কৰা হৈছিল।

 ক্রীতদাস প্রথা উচ্ছেদ হোৱাৰ লগে লগে মানুহ কিনা-বেচাৰ অন্ত পৰিল নে? পৰা নাই। আনকি আমাৰ গুৱাহাটীতেই হেনো কেইবাখনো এনে বজাৰ আছে য'ত মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে। আজিৰ ছফিছটিকেটেড ভাষাত বজাৰক হাব্ বুলিহে কয়। গুৱাহাটীৰ হাবত ঘাইকৈ বিক্ৰী হয় উত্তৰ-পূব ভাৰতৰ ভিতৰুৱা ঠাইৰ পৰা চাকৰিৰ প্রলোভন দেখুৱাই অনা হোজা, নিৰক্ষৰ, দুখীয়া মানুহৰ ঘৰৰ কুমাৰী কন্যা। গ্ৰাহকসকলে ধনৰ টোপোলা লৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা আহি কিনি লৈ যায় ফুলকুমলীয়া নিষ্পাপ এই ছোৱালীবোৰক। কিনা-বেচা, বেচা-কিনা প্ৰক্ৰিয়াৰ মাজেদি গৈ গৈ এটা সময়ত সিহঁতে পদার্পণ কৰে ডাঙৰ ডাঙৰ নগৰ-চহৰৰ নিষিদ্ধ এলেকাত, কিছুমানক চালান কৰা হয় বিদেশত। কিছুমানৰ বিয়া হয়

২১৬/ বাকীছোৱা জীৱন