পৃষ্ঠা:অনিমা গুহ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিছিল। লতিকাদিহঁতৰ দৰে শীলাও অভিজাত পৰিয়ালৰ। তেওঁৰ স্বামীয়ে দুটা পুত্ৰ-সন্তান আৰু ভাবী নাতি-আজোনাতিসকলৰ ভৱিষ্যৎ কটকটীয়া কৰিবলৈ বিৰাট ঘৰ এটা সাজিছিল। সেইটো ঘৰ এতিয়া চৰণীয়া পথাৰ। কিয়নো ‘সফল’ পুতেক দুজন ভাৰতৰ বাহিৰত কাম কৰে, শীলাৰ স্বামীও প্ৰয়াত। গতিকে এই বিশাল সাম্ৰাজ্যত মৰিশালিৰ নিস্তব্ধতা। শুভাকাংক্ষীসকলে বিদেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীক পেয়িং গেষ্ট কৰি ৰখাৰ দিহা দিয়াত শীলাই কিছু সকাহ পাইছিল। বেনো তাতেই আশ্ৰয় পালে। দক্ষিণ পূব এছিয়াৰ মানুহে আমাৰ দৰেই ভাত খায়। আমিও তো একেটা অঞ্চলৰে। পিছে তেওঁক লৈয়ে আটাইতকৈ বেছি সমস্যা হ’ল শীলাৰ। শীলাই হেনো ভাত ৰান্ধিবলৈ নাজানে। জহা, বাচমতী কোনো চাউলেই ল’ৰাজনৰ পছন্দ নহয়। ভাত খাবলৈ বহিলেই হেনো তেওঁৰ চকুপানী ওলায়। এদিন শীলাই জুতি-পুতি কৰি ৰান্ধি দিলে বিৰিয়ানী। সিদিনা বেনৰ ভাতে খোৱা নহ'ল। তেওঁ কয় Rice should be Sticky। মহা সমস্যাত পৰি শীলাই লতিকাদিলৈ ফোন কৰিলে। অৱশেষত দুয়ো পৰামৰ্শ কৰি ঠিক কৰিলে বেছিকৈ পানী দি চাউলখিনি সিজাবলৈ, যেন অলপ আঠা আঠা হয়। সিদিনা ভাতৰ পাতত বহি বেনে ক'লে— ভাৰতত থকা বাকী কেইমাহ তেওঁক পাওৰুটি দিলেই হ’ব। গ'ল কথা গুচিল।

 বোধকৰো পিছৰ বছৰ আমি প্ৰথম আমেৰিকালৈ গৈছিলো। তেতিয়া আছিল ভোগালী বিহুৰ বতৰ। অসমীয়া পৰিয়াল এঘৰে আমাক বিহু খাবলৈ মাতোতে আমাৰ গৃহস্থই তেওঁলোকক কৈছিল— ‘এইখন দেশত তিল, নাৰিকল, গুড় আৰু বিশেষকৈ বৰা চাউল ক’ত পাবা? কিবা চাহাবী পিঠাকে খুৱাবা নিশ্চয়।’ মহিলাগৰাকীয়ে মিচিকি হাঁহি এটাহে মাৰিছিল। নিৰ্দিষ্ট দিনত গৈ দেখিলো বৰা চাউলৰ শুকান পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু সকলো আছে। আমেৰিকাত নোপোৱা বস্তু একোৱেই নাই। বৰা চাউল হেনো আনিছে কোৰিয়ান দোকানৰ পৰা। তৎক্ষণাতে মোৰ মনত পৰিল বেনলৈ—rice should be sticky তেওঁলোকে নিশ্চয় বৰা চাউলৰ আঠা আঠা ভাত খায়। অসমকে লৈ সমগ্ৰ দক্ষিণ পূব এছিয়াত বোধকৰো বৰা ধান উৎপন্ন হয়। ভাৰতৰ আন কোনো ৰাজ্যতে এই বিধ চাউল দেখা নাই। তছলিমা নাছৰিনে পাৰৰ মাংসৰে ‘বিৰুই’ চাউলৰ ভাত খোৱাৰ কথা লিখিছিল। এই বিৰুই চাউল যদি বৰা চাউল হয় তেনেহ'লে পূৰ্ববংগতো সম্ভৱ বৰা ধানৰ খেতি হয়। পশ্চিমবংগত কিন্তু নহয়, হোৱা হ'লে শীলাৰ দুৰ্গতি নহ'লহেঁতেন।

 ভাবিছিলো লতিকাদি আৰু শীলাক বৰা চাউল খুৱাম। কিন্তু সেই ইচ্ছা আৰু

বাকীছোৱা জীৱন / ২১৫