পৃষ্ঠা:অনিমা গুহ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্য়ক্তিয়ে সমাজ সংস্কাৰমূলক বহু কাম কৰিছে, যি দুগৰাকী মনীষীৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা ৰোধ আৰু বিধৱা বিবাহ আইনতঃ সিদ্ধ হৈছে ঊনৈশ শতিকাতে সেই কলকাতাৰ এচাম শিক্ষিত, আধুনিক আৰু প্ৰগতিশীল বুলি দাবী কৰা মানুহৰ অতি ৰক্ষণশীল দৃষ্টিভংগীৰ উমান পাই অবাক হৈছিলো।

 ৰমা বেনাৰ্জী ( নাম সলাই দিয়া হৈছে ) কলকাতাৰ এগৰাকী নামকৰা গৱেষিকা-অধ্যাপিকা তথা আগশাৰীৰ নাৰীবাদী লেখিকা। আমি পুনেত থকাৰ সময়ত আন্তৰ্জাতিক চেমিনাৰ এখনত অংশগ্ৰহণ কৰিবলৈ আহোতে আমাৰ ঘৰত খোৱা-বোৱা কৰিছিল। তেওঁ বামুণৰ ঘৰৰ প্ৰৌঢ়া বিধৱা আছিল। সময় ১৯৭০ চন।

 ‘আপুনি চিকেন খাব নে মাটন?’ মোৰ প্ৰশ্ন শুনি ৰমাদি চক খাই উঠিছিল। বোধকৰো এনে প্ৰশ্ন তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত কোনেও কৰা নাছিল। খাৱন-পিন্ধনত ৰমাদিৰ কোনো বাছ-বিচাৰ নাই বুলি জনালে। গ’ল কথা গুছিল। আমি কলকাতালৈ অহাৰ পাছত ১৯৭৪ চনত সাহিত্য অকাডেমীৰ সভা এখনলৈ গৈছিলো শ্ৰোতা-দৰ্শক হিচাপে। ভাৰতৰ সকলো ৰাজ্যৰ পৰা আহিছিল সাহিত্য আকাশৰ নক্ষত্ৰসকল। তাতেই প্ৰথম লগ পাইছিলো মহিম বৰাক। আন এগৰাকী বিখ্যাত লেখকক দেখি মই সঁচাকৈয়ে উত্তেজিত হৈছিলো। তাৰ আগতে জৰাসন্ধ ছদ্মনামেৰে লেখা লৌহকপাট নামৰ এলানি কিতাপ পুনেত পঢ়িছিলো। জেইলাৰ হিচাপে অপৰাধীসকলৰ জীৱন সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতাৰে সমৃদ্ধ কিতাপ কেইখন সাহিত্য জগতলৈ জৰাসন্ধৰ মূল্যৱান অৱদান। সি যি কি নহওক দুপৰীয়াৰ আহাৰ খাবৰ সময়ত জৰাসন্ধৰ কাষৰ আসনত বহা আমাৰ গৃহস্থই নিজৰ চকীখন মোলৈ এৰি দি আন ক'ৰবাত বহিলে গৈ। প্ৰিয় লেখকগৰাকীক কাষতে পাই কিমান কথা যে নাপাতিলো। তেতিয়া কিতাপখনৰ চৰিত্ৰবোৰ মনত স্পষ্ট হৈ আছিল। এনেতে ৰসভংগকাৰীৰ দৰে উল্লিখিত ৰমাদিয়ে মোক তাৰ পৰা উঠাই চুকৰ টেবুল এখনত বহুৱালে আৰু মোক পৰ্দা হিচাপে ব্যৱহাৰ কৰি তেওঁ খাবলৈ বহিল। কাৰণ কলকাতাৰ পণ্ডিতসকলে হেনো তেওঁক মাছ-মাংস খোৱা দেখিলে নিন্দা কৰে। মনে মনে ভাবিলো হায়ৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কলকাতাৰ সাহিত্যিকসকল! আনহাতে পিছপৰা অসমৰ পিছপৰা ধুবুৰীৰ জীয়ৰী হিচাপে গৰ্ববোধো কৰিছিলো। নাজানো তেতিয়াৰে পৰা আজি ত্ৰিশ/পঁইত্ৰিশ বছৰ পাছৰ কলকাতাত মুকলিমূৰীয়া হৈ ৰমাদিয়ে সকলোৰে সৈতে একেলগে বহি আমিষ খাদ্য খায় নে নাই।

 কলকাতাৰ আন এগৰাকী লুকাই ফুৰা অভিজাত পৰিয়ালৰ মহিলালৈ মনত

২০২ / বাকীছোৱা জীৱন