পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
এজন সঁচা মানুহ

কৰিছে সেই শিক্ষাই কেৱল এটা ডাঙৰ চাকৰি কৰাতহে সহায় কৰিব। বিদেশত লিখা-পঢ়া শিকি তেওঁ ইংৰাজৰ তলত চাকৰি কৰিবলৈ মন নকৰিলে৷ সেয়েহে জ্যোতি প্ৰসাদে একাণপতীয়াকৈ সঙ্গীত চৰ্চ্চাত লগাটোকে ঠিক কৰিলে। এগৰাকী ইংৰাজ বৃদ্ধাৰ ঘৰত তেওঁ ঘৰ ভাৰা ল’লে। বৃদ্ধাগৰাকীৰ এখন পিয়ানোও আছিল। জ্যোতি প্ৰসাদে ভালেই পালে। বৃদ্ধা গৰাকীৰ পৰা পিয়ানো বজোৱাৰ অনুমতিলৈ তেওঁ সঙ্গীত সাধনাত নিমগ্ন হৈ পৰিল। জ্যোতি প্ৰসাদে বিদেশৰ নানা সঙ্গীতৰ জ্ঞান থকা মানুহ খিনিক লগ ধৰিলে। তেওঁলোকৰ লগত সঙ্গীতৰ বিষয়ে গভীৰ ভাৱে আলোচনা কৰিলে। বিদেশী সুৰবোৰৰ বিষয়ে অধ্যয়ন কৰি লৈ নিজৰ জতুৱা ঠাঁচৰ লগত বিদেশী সুৰৰ আভাষ সানি এক নতুন ধাৰাৰ অনুপম সুৰ ৰচনা কৰাত মনোনিবেশ কৰিলে। এক অপূৰ্ব সুৰে জ্যোতি প্ৰসাদৰ গীতক মোহনীয়া কৰি তুলিলে৷

 জ্যোতি প্ৰসাদৰ মন দিনক দিনে নতুন নতুন ভাৱধাৰাই উৎসাহিত কৰিবলৈ ধৰিলে। কেৱল গীততে আৱদ্ধ নেথাকি তেওঁ অন্য চিন্তাও কৰিলে। সেই চিন্তা হ’ল বোলছবি শিল্পৰ৷ অসমত তেতিয়ালৈকে বোলছবিৰ নাম ওলোৱাই নাই। সেয়েহে তেওঁ ভাবিলে বোলছবিৰ দৰে মহান শিল্পৰ সহায়তে অসমীয়া ভাষা-সংস্কৃতিক পৃথিৱীৰ ওচৰত দেখুৱাব পাৰিব৷ ভবা মতেই কাম। বোলছবিৰ অধ্যয়নৰ কাৰণে তেওঁ এডিনবাৰ্গৰ পৰা বাৰ্লিনলৈ যাত্ৰা কৰিলে। বাৰ্লিনত তেওঁ ভাৰতীয় বোলছবিৰ বিখ্যাত পৰিচালক হিমাংশু ৰায়ক লগ পালে৷ তেখেতে জ্যোতি প্ৰসাদক প্ৰশিক্ষণ লোৱাত যথেষ্ট সহায় কৰিলে। জ্যোতি প্ৰসাদ বাৰ্লিনলৈ যোৱাৰ কথা গম পাই দূৰৰ মানুহখিনি বিপাঙত পৰিল। তেওঁলোকে জ্যোতি প্ৰসাদক শিক্ষা দীক্ষাই উচ্চ শিক্ষিত হৈ আহিবলৈহে বিদেশলৈ পঠিয়াইছিল। কিন্তু তেওঁ গৈ পুনৰ শিল্প জগতত সোমাই পৰিল। ঘৰৰ পৰা জ্যোতি প্ৰসাদলৈ সঘনে চিঠি যাবলৈ ধৰিলে। অৱশেষত উপায় নাপাই সাত মাহ প্ৰশিক্ষণ লৈয়ে জ্যোতি