পৃষ্ঠা:এজন সঁচা মানুহ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
এজন সঁচা মানুহ

শুনি ৰং পালে আৰু তেওঁক উৎসাহ দিলে। জ্যোতি প্ৰসাদে চিন্তা কৰি কাহিনী বিচাৰি উলিয়ালে। পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচিত ‘জয়মতী’ আৰু লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'জয়মতী’ দুয়োখনৰ পৰা কাহিনী ঠিক কৰি ল'লে।

 চাহ বাগিচাৰ কলঘৰতে এটা অস্থায়ী ‘ষ্টুডিঅ’ খুলিলে। নাম দিলে ‘চিত্ৰবন’। দেউতাক পৰমানন্দ আগৰৱালা দেৱেই সেই চিত্ৰগৃহটি উদ্বোধন কৰিলে৷

 বোলছবিত ভাওঁলোৱা শিল্পীসকল থাকিবৰ কাৰণে জ্যোতি প্ৰসাদে সৰু সৰু খেৰী ঘৰ কিছুমান সাজি উলিয়ালে৷ এইদৰেই বোলছবিৰ কাম আৰম্ভ কৰিব ধৰিলে। পিছে সমস্যাই দেখা দিছিল ভাওঁ লোৱা ছোৱালীক লৈ। বোলছবিত ভওঁলোৱা ছোৱালী বিচাৰি পোৱাটো তেতিয়া ইমান সহজ কথা নাছিল। তেওঁ তাৰ বাবে বৰ কষ্ট কৰিব লগা হ’ল। লুইতৰ ইপাৰে-সিপাৰে গাঁৱে-ভূঁৱে ছোৱালী বিচাৰি চলাথ কৰিলে। নতুনকৈ কিনি লোৱা মটৰ গাড়ী দুদিনতে আধা পুৰণি হ’ল গৈ। পিছলৈ মটৰ গাড়ীৰ শব্দ শুনিলে ছোৱালী গাড়ী আহিছে বুলি সকলোৱে হৈ চৈ কৰিবলৈ ললে। পোণ প্ৰথম এনে কাৰ্য্য দেখি সকলো আগ্ৰহিত হ’ল আৰু আচৰিতো নোহোৱাকৈ নেথাকিল৷

 বিভিন্ন বাদ্য, খোল–তাল, বেহেলা, নাটৰ বচন আদিৰে ভোলাগুৰি চাহবাগিছাৰ দিনবোৰ মুখৰিত হৈ উঠিল। বাগানৰ বনুৱা, বাবু সকলো সাঙোৰ খাই পৰিল। জ্যোতি প্ৰসাদৰ ঘৰৰ লোক সকলেও সহযোগিতা কৰিলে। মাতৃ কিৰণময়ী দেৱীয়ে জ্যোতি প্ৰসাদক এনে অভিনৱ কামত মুদ্ধ হৈ আশীৰ্বাদ কৰিলে। দেউতাকে জ্যোতি প্ৰসাদক সকলো দিশত সহায় আৰু উৎসাহ যোগাইছিল। ভাতৃ কমলা প্ৰসাদ আগৰৱালা বাদ্যসংগীত বজোৱাত পাকৈত আছিল৷ তেওঁ এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।

 ‘জয়মতী’ বোলছবিত যাতে অসমীয়া কৃষ্টি – কলা শুদ্ধভাৱে প্ৰদৰ্শন হয় তাৰ বাবে জ্যোতি প্ৰসাদে চেষ্ট কৰিছিল। তাৰ বাবে কষ্টও