পৃষ্ঠা:এজন সঁচা মানুহ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
এজন সঁচা মানুহ

 মনৰ দুখ মনতে লৈ জ্যোতি প্ৰসাদে পুনৰ বোলছবিৰ কামত হাত দিলে। বহু কষ্ট, বহু সাধনাৰ পিছত ‘জয়মতী’ সম্পূৰ্ণ হৈ উঠিল। শেষ কাম সম্পাদনাৰ কাৰণে তেওঁ গৈ লাহোৰ পালেগৈ। কিন্তু তেওঁ তাত গৈ দেখিলে বোলছবি খনৰ সৰহখিনি ঠাইতে মানুহৰ মাত উঠাই নাই। তেওঁ বৰ বিমোৰত পৰিল৷ নতুনকৈ বোলছবিখন কৰাৰো সম্ভৱ নহয়। ইফালে টকা পইচাৰো তেওঁ অভাৱত পৰিব লগা হৈছিলগৈ। অৱশেষত ঠিক কৰিলে মাতবিলাক অনুকৰণ কৰি তেওঁ নিজেই দিব। তেওঁ সেই কামত লাগি গল। সচাকৈয়ে সময়ত মাতবোল নহোৱা ‘জয়মতী’ বোলছবি মাতকথাৰে ভৰপূৰ হৈ পৰিল। জ্যোতি প্ৰসাদে শান্তিৰ উশাহ ললে।

 ১৯৩৫ চনৰ ২০ মাৰ্চত কলিকতাৰ ‘ৰৌনাক’ নামৰ ছৱি ঘৰত ‘জয়মতী’ বোলছৱি খন প্ৰথম প্ৰদৰ্শিত হল৷ তাৰ পিছত ২০ মাৰ্চৰ দিনা গুৱাহাটীৰ ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰত’ প্ৰদৰ্শন হয়। এইদৰেই অসমীয়া বোলছৱি জগতত ‘জয়মতী’ য়ে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিলে।

 এফালে ‘জয়মতী'ৰ সফলতাত জ্যোতি প্ৰসাদৰ অন্তৰ আনন্দৰে ভৰি গল সঁচা কিন্তু আনহাতে মাক আৰু দেউতাকৰ স্মৃতিয়ে তেওঁক বিযাকুল কৰি তুলিলে।

 ‘জয়মতী’ বোলছবি ওলোৱা বহুদিন পিছতো কোনেও দ্বিতীয় এখন অসমীয়া বোলছবি কৰিবলৈ নোলোৱাত জ্যোতি প্ৰসাদ চিন্তিত হৈ পৰিল। বোলছবিৰ দৰে সুন্দৰ কলা এটাক অসমীয়াসকলৰ প্ৰাণত সাচঁ বহুৱাবৰ কাৰণে তেওঁ দ্বিতীয়খন বোলছবি কৰিবলৈ গাত ললে। আৰু এদিন দ্বিতীয়খন বোলছবি 'ইন্দ্ৰমালতী’ ও তেওঁ সম্পূৰ্ণ কৰি উলিয়ালে। প্ৰথম অসমীয়া বোলছবিৰ জন্মদাতা খ্যাতি ৰখা জ্যোতি প্ৰসাদৰ এই বৰঙণিৰ ওচৰত অসমীয়া সমাজ সদায় নতশিৰ হৈ থাকিব।

 ১৯৩৭ চনত ভোলাগুৰি চাহবাগিচাত মেনেজাৰ হিচাপে থকা