পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
এজন সঁচা মানুহ

প্ৰসাদ উভতি আহিবলৈ বাধ্য হ’ল। পিছে তেওঁ নিজৰ কাৰ্য্য সিদ্ধি নকৰাকৈ নেৰিলে। তেওঁ ভাৰতলৈ উভতি অহাৰ বাটত ইউৰোপৰ নানা দেশলৈ গৈ তাৰ শিল্প, সংস্কৃতি, সভ্যতা আদিৰ বিষয়ে ভূ লৈ তুৰস্ক পায়গৈ। তুৰস্কৰ পৰা আৰৱ দেশৰ মাজেৰে আহি মছৌল, বাগদাদ বেবিলন, কাৰাবালা ইত্যাদি বিখ্যাত ঠাইবোৰ ভ্ৰমণ কৰে। তাৰ পিছত বছোৰাৰ পৰা কৰাচী হৈ আহি নিজ দেশ ভাৰতবৰ্ষৰ মাটিত ভৰি থয়হি।


সংগ্ৰামী জ্যোতি প্ৰসাদ

 ১৯৩০ চনৰ মাৰ্চ মাহত জ্যোতি প্ৰসাদ বিদেশৰ পৰা আহি জন্ম ঠাই তেজপুৰ পায়হি। তেওঁ দেখিলেহি ইংৰাজ শাসকৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষতে আন্দোলনৰ ঢৌ উঠিছে। এই আন্দোলনৰ গুৰি ধৰিছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে।

 জ্যোতি প্ৰসাদো বহি থাকিব নোৱাৰিলে৷ দুখুনী দেশ মাতৃৰ উদ্ধাৰৰ কাৰণে তেওঁ জীৱন পণ কৰিলে। চাহ বাগিছাৰ মালিকৰ ল’ৰা হৈয়ো দেহৰ সুখক পিছলৈ ঠেলি জনতাৰ লগত ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনৰ অসহযোগ আন্দোলনতো অংশ গ্ৰহণ কৰি তেওঁ ছাত্ৰ সকলক নেতৃত্ব দিছিল।

 আন্দোলন সক্ৰিয় আৰু সজীৱ কৰি তুলিবলৈ জ্যোতি প্ৰসাদে বহুতো গীতো লিখি উলিয়ালে। তেওঁৰ গীতত যেন যাদুহে আছিল। যেতিয়া তেওঁৰ গীত গাই সমদল আগবাঢ়িছিল সেই গীতৰ সুৰত মাজনিশাকো আওকাণ কৰি শ–শ মানুহ ঘৰৰ পৰা ওলাই আহি আন্দোলনত ভাগ লৈছিলহি।

 কৰাচীত বহা কংগ্ৰেছ অধিবেশনত কংগ্ৰেছ নেতা জৱাহৰলাল নেহেৰুৱে দেশৰ যুৱক সকলক সংগ্ৰামৰ কাৰণে আহবান কৰিছিল সেই আহ্বানলৈ লক্ষ্য কৰি জ্যোতি প্ৰসাদে “বিশ্ব–বিজয় ন জোৱান” গীতটি লিখি উলিয়াইছিল। আৰু দেশ সেৱক সকলে মাৰ্চ ফাষ্ট কৰি