পৃষ্ঠা:অনিমা গুহ.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইয়েই অধিকাংশৰ মূৰত চিৰস্থায়ী হৈ থাকিল। সকলো দিশৰ পৰা জনা বুজা অত্যাধুনিক পৰিয়ালৰ মনবোৰো যেন একো একোটা লৰচৰ কৰিব নোৱৰা শিলাখণ্ড।

 অলপতে এঘৰৰ পৰা ফোন আহিছিল। চাৰি মাহ আগতে জীয়েকৰ বিয়া দিছে উপযুক্ত ল'ৰা এজনলৈ। ল'ৰাৰ ঘৰৰ অৱস্থা খুবেই ভাল, ভাল নহয় ল’ৰাৰ স্বাস্থ্য। অৱশেষত কম বয়সতে ভগ্নস্বাস্থ্যৰ কাৰণ নিৰ্ধাৰণ কৰি ফলাফল পাই সকলোৰে হৃদপিণ্ড স্তব্ধ, বিশেষকৈ কইনাৰ। ল'ৰাৰ দেহত আশ্ৰয় লৈছে কালব্যাধি এইডচৰ বীজাণুৱে। বহুদিনৰ পৰা লিখি আছো যিবোৰ বিষয়ত সাৱধান হ’বলৈ সেইবোৰত অলপো গুৰুত্ব নিদিলে কোনেও। তাৰ পাছত যদি কোনোবাই দিহা-পৰামৰ্শ বিচাৰে কেনে লাগিব পৰামৰ্শদাতাৰ। বিয়াৰ আগত ভাৰতৰ আধুনিক মহিলাই হ'বলগীয়া দৰাৰ ক্ৰিমিনেল ৰেকৰ্ড কিবা আছে নেকি জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ শৰণাপন্ন হয়। বিয়াৰ আগত তেজপৰীক্ষা কৰোৱাৰ ধাৰণাটো যোৱা শতিকাৰ সত্তৰৰ দশকতে প্ৰচাৰ কৰা হৈছিল।

 পঁচিশ বছৰীয়া ছোৱালীৰ দেউতাক-মাকক আগৰদিনীয়া বুলি ক'ব নোখোজো। তেজৰ নমুনা পৰীক্ষা কৰোৱা ব্যৱস্থাৰ বিষয়ে তেওঁলোক নিশ্চয় অৱগত। কেনেকৈনো তেওঁলোকে ভাবিলে ল'ৰাজন ধোৱা তুলসীপাত। এতিয়া ছোৱালীজনীৰ ডাক্তৰৰ পৰামৰ্শ মতে তেজ পৰীক্ষা কৰাই থকা বাঞ্ছনীয়।

 মাজে মাজে ধাৰণা হয় মগজুটো যেন মোৰ জঠৰ হৈ আহিছে। চিন্তা কৰিব পৰা শক্তিৰ চোক কমি আহিছে। জীৱনত ভাল কাম একো কৰিব নোৱাৰিলো। এফালে চিঞৰি মৰিছো যৌতুকৰ বিৰুদ্ধে, ভ্ৰূণ হত্যাৰ বিৰুদ্ধে, নিৰ্যাতনৰ বিৰুদ্ধে। আনফালে দেখিছো এনেবোৰ অপৰাধ বাঢ়ি গৈ আছে। তেনেহ'লে লিখি কি লাভ হ’ব। কথাবোৰ ফুলজাৰি হৈ বতাহত মিহলি হৈ নগ'ল নে?

 দীৰ্ঘ হতাশাৰ পাছত আকৌ মেৰুদণ্ড পোন কৰিছো। মনলৈ জোৰ আনি বাৰাক ওবামাৰ ভাষাত কওঁ— Yes, we can.

নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসম : ২০০২ চনৰ ১৩ জুলাই তাৰিখে আমাৰ উলুবাৰীৰ ঘৰৰ নিচেই কাষতে নেটৱৰ্ক ট্ৰেভেলছ নামৰ বে-চৰকাৰী বাছ আস্থানটোত ঘটিছিল এক অমানৱীয় অকল্পনীয় দুৰ্ঘটনা। ত্ৰিপুৰাৰ পৰা দুটি শিশু সন্তানেৰে সৈতে নিম্ন মধ্যবিত্ত দম্পতী এহালে দীঘলীয়া বাছ ভ্ৰমণ কৰি ৰাতিটোৰ বাবে সেই আস্থানত আশ্ৰয় লৈছিল পুৱাৰ বাছত ডিমাপুৰলৈ ৰাওনা হ’ব বুলি। ক্লান্ত পৰিয়ালটো মজিয়াতে

১৮৪/ বাকীছোৱা জীৱন