পৃষ্ঠা:এজন সঁচা মানুহ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এজন সঁচা মানুহ

 ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামােল বাৰী চাহ বাগিচাতে আইটি দেৱীৰ এটি পুত্র সন্তান জন্ম হয়। এই সন্তানটিৰ নামেই হ’ল আজিৰ সকলােৰে চিৰস্মৰণীয় শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা।

 একলা দুকলাকৈ ন জোনটি বাঢ়ি অহাৰ দৰে জ্যোতি প্ৰসাদো ডাঙৰ হৈ আহিল। যেতিয়া সাত বছৰ বয়সত ভৰি দিলে তেতিয়া দেউতাকে হাই স্কুলত নাম লগাই দিলে। পিছে জ্যোতি প্ৰসাদৰ খেলা ধূলাতহে বেছি মন। আইতাকৰ পৰা সদায় সাধু কথা শুনিবই শুনিব। মাকৰ সুৱদী কণ্ঠৰ গীত নুশুনিলে চকুলৈ টোপনি পেটলৈ ভাত নগৈছিল।

 লাহে লাহে জ্যোতি প্ৰসাদৰ প্ৰাণতাে সঙ্গীতৰ ধাৰা ববলৈ ধৰিলে৷ গীতৰ সুৰে কণমানি জ্যোতিক বলিয়া কৰি তুলিলে। তেওঁৰ সাহসটোও বৰ বেছি আছিল। এবাৰ এটা জীয়া সাপৰ নেজত ধৰি ঘূৰাই ঘূৰাই মাটিলৈ দলিয়াই সকলােকে অবাক কৰিছিল। আনহাতে তেওঁ জেদটোও বৰ বেছি আছিল। যিটো বস্তু এবাৰ মনৰ মাজত সােমায় তাক নােপােৱালৈকে শান্তি নাই। এবাৰ তেওঁ দেউতাকক এটা বিলাতী বাঁহী আনি দিবলৈ ক'লে মানে দীঘল এটা ধুনীয়া পেঁপা। কেইবাদিনাে পাৰ হ’ল। পিছে দেউতাকে পেঁপা আনি দিয়া নাই। দেউতাকে কথাটোত গুৰুত্বও নিদিলে। জ্যোতি প্রসাদে অভিমানতে পানী এটোপাকে মুখত নিদিলে। বুজাই বঢ়াই ভাগৰি পৰিল। অৱশেষত উপায় নাপাই দেউতাকে এটা অর্গেন কিনি আনি দিলেহি। ৰঙতে জ্যোতি মতলীয়া হ'ল। সেই অর্গেনত আইনাম ওঁ বিয়ানাম আদি মন পৰশা অসমীয়া সুৰ বােৰ তুলিবলৈ ধৰিলে।


শিক্ষা জীৱন

 জ্যোতি প্রসাদ লাহে লাহে ডাঙৰ হৈ আহিল। দেউতাকে মন কৰিলে পঢ়া শুনাতকৈ সঙ্গীতৰ প্ৰতিহে জ্যোতি প্ৰসাদৰ ধাউতি বেছি হৈ গৈছে। পঢ়াৰ প্রতি অবহেলা কৰা দেখি দেউতাক চিন্তিত হৈ