পৃষ্ঠা:অনিমা গুহ.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোমায়ে দেখিলো এটা চুকত আড্ডা জমিছে। গোৱালপাৰীয়া ভাষা কাণত পৰাত সেইফালে আগবাঢ়িলো। আড্ডাৰ মধ্যমণি আছিল পবিত্ৰ চক্ৰবৰ্তী, কাযত উপবিষ্ট শীলভদ্ৰ। তেওঁলোকক বেৰি ধৰিছে একে ভাষা-ভাষী পুৰুষ-মহিলাই। ৰসাল কথা কোৱাত পবিত্ৰদাৰ সমকক্ষ কোনো নাই। আন নিমন্ত্ৰিতসকলে কোৱা শুনিছিলো, ‘সৌ গোৱালপাৰীয়া কেইটালৈ চাওক, কি মিলা-প্ৰীতি! নিজা ভাষাত কথা পাতি বিৰাট জমাইছে দেই।’ একেটা মন্তব্য কাণত পৰিছিল অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উপেন ভূঞাৰ জীয়েকৰ বিয়াতো। ভূঞাৰ পত্নী অনুও গোৱালপাৰীয়া। তেওঁ আকৌ মোৰ খুৰাৰ ছোৱালী। যি কি নহওক, গোৱালপাৰীয়া মানুহ আড্ডাবাজ আৰু নিজ ভাষাত কথা ক'ব পাৰিলে আন একো নালাগে।

 ভ্ৰমণ কাহিনী লিখাৰ প্ৰসংগ উলিয়াই বহু বেলেগ কথা উলিয়ালো। যাঠিৰ দশকৰে পৰা ছেগা-চোৰোকাকৈ অধুনালুপ্ত অসম বাতৰি, নতুন অসমীয়া, আমাৰ প্ৰতিনিধি আৰু অসমবাণীত লেখা-মেলা কৰিছিলো। অনুবাদ কৰিছিলো মাৰাঠী সাহিত্যিক শ্ৰীপাদ যোশীৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ কাহিনী ‘পূৰ্বাঞ্চলাচি মুছাফী’ নামৰ কিতাপখন মাৰাঠীৰ পৰা অসমীয়ালৈ। কিতাপখন প্ৰকাশ কৰিছিল বীণা লাইব্ৰেৰীয়ে। ‘নেশ্যনেল বুক ট্ৰাষ্ট্ৰ'ৰ অনুৰোধ ক্ৰমে অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘সূৰুমুখীৰ স্বপ্ন' বাংলা ভাষালৈ অনুবাদ কৰিছিলো। বাংলা আলোচনী ‘দেশ’ আৰু ‘অমৃত’তো দুবাৰ মান লিখিছো। তাৰ পাছত মই গৱেষণাৰ কামত দীৰ্ঘদিন লাগি থকা বাবে সাহিত্য চৰ্চাত যতি পৰিছিল। অৱশ্যে লিখাহে নাছিলো, গল্প-উপন্যাস পঢ়িছো বিৰতিহীনভাৱে। কলম আকৌ কেতিয়াবা সচল হ’ব ই কল্পনাতীত আছিল। পিছে ১৯৯২ চনত যাঠি বছৰ বয়সত ভ্ৰমণ কাহিনীটো লিখিবলৈ যি কলম ধৰিলো তাক আৰু আঙুলিৰ মাজৰ পৰা নমাব পৰা নাই। মই সাহিত্যিক নহওঁ। ভাষা জ্ঞানো সীমিত। সাহিত্য চৰ্চা বিশেষ কৰা নাছিলো। মোৰ পঢ়া-শুনাৰ ক্ষেত্ৰখন আছিল সম্পূৰ্ণ বেলেগ। গতিকে কবি-সাহিত্যিক বান্ধৱী নিৰুপমা, তোষপ্ৰভা আৰু অঞ্জলি বাইদেৱে যেতিয়া সাহিত্যৰ অলি-গলিৰে সোমাই বিবিধ আলোচনা কৰে তেতিয়া মই মনে মনে তেওঁলোকৰ পাণ্ডিত্যৰ তাৰিফ কৰো। যি কি নহওক, লিখিবলৈ ভাল লাগে বাবে লিখো। কেতিয়াবা কোনোবাই মোক সাহিত্যিক বুলি ক'লে বাধা দি কওঁ— মই লিখোহে, সাহিত্যিক নহওঁ। পাঠক-পাঠিকাসকলৰ অনুপ্ৰেৰণা আৰু শুভেচ্ছাই মোৰ কলমক জীৱনৰ শেষ অধ্যায়ত প্ৰৱেশ কৰাৰ পাছতো সচল কৰি ৰাখিছে। তেওঁলোকক ধন্যবাদ জনোৱাৰ ভাষা মোৰ নাই। তাৰে মাজত ‘অসমীয়া খবৰ' নামৰ বাতৰি

১৪২/ বাকীছোৱা জীবন