পৃষ্ঠা:অনিমা গুহ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেখাটো বেছি ভাল হোৱা বুলি ক'লে শুনি নিমিষতে মোৰ সেই অহংবোধৰ গ্ৰাফডাল ৰকেটৰ গতিত মহাকাশ স্পৰ্শ কৰিলে, যদিও জানো মিছাকৈয়ে চুপাৰলেটিভ স্তৰলৈ তেওঁ প্ৰশংসা তুলি নিছিল। যাৰ তুলনাত বেছি সুখপাঠ্য হোৱা যেন বুলি কৈছিল তেওঁৰ নামটো প্ৰকাশ কৰিলে মোৰ তেজ পিবলৈ চাৰিওফালে পিনপিনাই উৰি থকা মহবোৰেও হাঁহিব। যি কি নহওক সকলোৰে পৰা পোৱা উৎসাহ-উদ্দীপনাই মোৰ ভ্ৰমণ কাহিনীটোৰ কলেৱৰ বঢ়ালে।

 তেনে সময়তে অধুনালুপ্ত বাংলা দৈনিক পত্ৰিকা ‘সময় প্ৰবাহ’ৰ সম্পাদক সুকুমাৰ বাগচীয়ে বাংলা ভাষাতো ভ্ৰমণ কাহিনীটো লিখিবলৈ কোৱাত দুয়োটা ভাষাতে সমান্তৰালভাৱে লিখি থাকিলো।

 অসমীয়া মাধ্যমতে পঢ়িছিলো যদিও বাইদেউ আৰু মোৰ বিদ্যাৰম্ভ হয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বৰ্ণ পৰিচয়ৰ মাজেৰে। সংখ্যাৰ লগত চিনাকিও বাংলা ভাষাৰে। বচ্, সিমানলৈকেই, তাৰ পাছত শিক্ষাৰ মাধ্যম হ’ল অসমীয়া৷ পিছে বাংলা পাঠ্যপুথিৰে সম্পৰ্ক বিচ্ছিন্ন হ’লেও আমি ধুবুৰী-গৌৰীপুৰ এলেকাবাসী হোৱা বাবে ধুবুৰীৰ কিতাপৰ দোকানত সৰু ল'ৰা-ছোৱালীৰ বাবে পোৱা হাসি-খুশী, ঠাকুমাৰ ঝুলি আদি বাংলা কিতাপ পঢ়িছিলো। গতিকে বাংলা প্ৰাথমিক জ্ঞান তেতিয়াই আহৰণ কৰিছো। তাৰ পাছত বাংলা সাহিত্যৰ সৈতে ঘনিষ্ঠ হোৱাত ভাষাটো সহজতে লিখিব পৰাও হলো। পশ্চিম অসমবাসী হোৱা হেতুকে আমাৰ মাতৃভাষা গোৱালপাৰীয়া। গতিকে অসমীয়াই হওক বা বাংলাই হওক আমি শুনি বা পঢ়ি শিকো। সেইফালৰ পৰা বিশুদ্ধ অসমীয়াভাষী বা বাংলাভাষীসকলে প্ৰচলিত মুখ্য ভাষাটো পঢ়ি শিকিব নালাগে। আমাৰ বহু সময় নষ্ট হৈছিল পঢ়ি, শুনি ভাষা এটা আয়ত্ত কৰাত। আজিকালি আমাৰ ফালেও অনেকে ঘৰত দেশী বা গোৱালপাৰীয়াৰ ( বা কোচ ৰাজবংশীসকলে দাবী কৰামতে ৰাজবংশী ভাষা ) পৰিবৰ্তে ল’ৰা-ছোৱালীৰ লগত বিশুদ্ধ অসমীয়া কয় যাতে ভাষা এটা আয়ত্ত কৰিবলৈ সময় নষ্ট কৰিবলগীয়া নহয়। তদুপৰি আজি উন্নত যোগাযোগৰ যুগত দেশী ভাষা-ভাষীসকলে ততালিকে অসমীয়া ভাষা ৰপ্ত কৰিব পাৰে। অবিভক্ত গোৱালপাৰা জিলাৰ পূব অংশৰ মানুহে দেশী ভাষা নকয়, নামনি অসমত কোৱা ভাষা কয়। অৱশ্যে ভাষা এনে এটা বস্তু যাৰ পৰিবৰ্তন দেখা যায় কেইমাইলমানৰ ব্যৱধানতেই।

 গোৱালপাৰীয়া ভাষাৰ কথা উলিয়াই বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়েক পলিৰ বিয়াৰ ৰভাতলিলৈ আকৌ মনত পৰিল। সুভদ্ৰা ধুবুৰীৰ ছোৱালী, গতিকে বৰ্তমানে গুৱাহাটীবাসী সেই অঞ্চলৰ বহুতে নিমন্ত্ৰণ পাইছিল বিয়াখনত। ৰভাৰ তলত

বাকীছোৱা জীৱন /১৪১