পৃষ্ঠা:অনিমা গুহ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগত ছোৱালীক পঢ়ুৱাবলৈ পছন্দ নকৰা বাবে বিদ্যোৎসাহী ৰাজবালা দাস বাইদেৱে প্ৰতিষ্ঠা কৰিছিল সন্দিকৈ ছোৱালী কলেজখন। ১৯৯১ চনত কলকাতাৰ পৰা আহি কটন কলেজৰ সন্মুখত থিয় হৈ উপলদ্ধি কৰিলো এই কেইবছৰৰ ভিতৰত অভিভাৱকসকলৰ মনৰ দিগন্তই প্ৰসাৰ লাভ কৰিছে। ৰক্ষণশীলতা কমিছে। একেদৰে বঢ়া দেখিলো মহিলা প্ৰবক্তা-অধ্যাপিকাৰ সংখ্যা। আমি পাইছিলো কেৱল ব’টানী বিভাগত তিনিগৰাকী অধ্যাপিকা — ড° কমলা ৰয়, ড° পাৰুকুটি বৰুৱা আৰু বীণা দত্ত। জন্মসূত্ৰে কমলা ৰয় অসমীয়া হ'লেও তেওঁৰ বাঙালী স্বামীৰ তত্ত্বাৱধানত তেওঁ শিক্ষা লাভ কৰিছিল। কেৰালাবাসী পাৰুকুটি বৰুৱা বৈবাহিক সূত্ৰে অসমীয়া আৰু বীণা দত্ত আছিল কলকাতাৰ।

 বহু বছৰৰ অনুপস্থিতিৰ পাছত অসমীয়া মহিলাৰ উত্তৰণৰ উমান পাই মনত এটা অনিৰ্বচনীয় আনন্দৰ ঢৌ উথলি উঠিল।


জীৱনে নতুন মোৰ ল'লে

 চনটো আছিল ১৯৯১।

 আমি কলকাতা এৰাৰ আগৰে পৰা ল'ৰা আৰু বোৱাৰীয়ে আমাক মাতি আছিল আমেৰিকাত তেওঁলোকৰ তালৈ যাবলৈ। গৃহস্থৰ এটাই উত্তৰ, তেওঁ নাযায়। ইমান দীঘলীয়া যাত্ৰা কৰি তেওঁৰ আমেৰিকা নামৰ দেশখন চোৱাৰ সমূলি ইচ্ছা নাই। আমেৰিকালৈ নগ’লেও ইংলেণ্ড আৰু ইউৰোপলৈ তেওঁ একাধিকবাৰ গৈছে। ল'ৰা-বোৱাৰী আহি থাকে, গতিকে ঘৰতে সিহঁতক লগ পায়। তদুপৰি অসমতে থাকি তেওঁৰ কৰিবলগীয়া বহু কাম বাকী। বাৰ্ধক্যই হেঁচি ধৰাৰ আগতে লেখা-মেলা সামৰিব লাগিব। শেষত জানিবা ল’ৰা-বোৱাৰীৰ অনুৰোধত আৰু মোৰ নিৰৱচ্ছিন্ন খেচখেচনিত যাবলৈ ওলাল। ওলাল মানে তেওঁ এটা লাগেজৰ দৰেহে গ'ল। বিদেশলৈ যোৱাৰ আগত কৰিবলগীয়া প্ৰস্তুতিপৰ্বৰ সকলো ব্যৱস্থা ময়েই কৰিছিলো।

 আমাৰ প্ৰথম আমেৰিকা যাত্ৰাৰ বিষয়ে লিখিছো ‘লয়াৰ্ছ বুক ষ্ট’ল’ৰ দ্বাৰা প্ৰকাশিত ‘তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন’ নামৰ ভ্ৰমণ কাহিনীত। ইয়াৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰিছে বীণা লাইব্ৰেৰীয়ে। গতিকে সেই দিনবোৰ স্মৃতিকথাত সন্নিৱিষ্ট নকৰিলো। পিছে ভ্ৰমণ কাহিনীটো কিয় লিখিলো আৰু লিখাৰ পাছত মোৰ জীৱনে কেনেকৈ এটা নতুন মোৰ ল’লে তাক কোৱাৰ ইচ্ছা প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলো। কলকাতা

বাকীছোৱা জীৱন /১৩৯