পৃষ্ঠা:অনিমা গুহ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোমালো। বাউণ্ডাৰী ৱাল আৰু গে'টখন দিয়াৰ ইচ্ছা নাছিল গৃহস্থৰ। কাৰণটো প্ৰকাশ্যে ব্যক্ত নকৰিলেও বুজি পাইছিলো তেওঁৰ অন্তৰৰ কথা। এওঁলোকৰ ভাই-ককাই ছজনৰ মাজত বৰ মিলাপ্ৰীতি আছিল। প্ৰয়োজনত ছজনে ছটা ঘৰ সাজিলেও একেখন চোতালতে থকাৰ প্ৰবল ইচ্ছা আটাইৰে আছিল। মই নহালৈকে সেইদৰেই থিয় দি আছিল নিজৰ নিজৰ ঘৰবোৰ। এওঁৰ আৱেগত আঘাত হানিবলগীয়া হ'ল ভৱিষ্যতৰ কথা ভাবি। পাছৰ প্ৰজন্মবোৰৰ মাজত এনে আন্তৰিকতা থকাৰ সম্ভাৱনা নাই। তেতিয়া মাটিৰ সীমাকলৈ লাগিব কাজিয়া। সঠিকভাৱে সীমা নিৰ্ধাৰণ নোহোৱা হেতুকে চীন-ভাৰত সংঘাতৰ আজিও ওৰ নপৰিল। এক ইঞ্চি মাটিৰ বাবে ভায়ে ভায়ে মৰামৰি–কটাকটি কৰা শুনিছো। গতিকে মই দূৰদৰ্শীয়ে হাই-কাজিয়াৰ বাট ৰুদ্ধ কৰাৰ ব্যৱস্থা কৰিছিলো। আজি ছয় ভাই-ককাইৰ মাটিত বহু বাহিৰা মানুহ আহি সোমাইছে। কাৰণ দুজনে ঘৰ-মাটি বেচি দি গুৱাহাটী এৰিছে, বাকী চাৰিজনৰ তিনিজনেই প্ৰয়াত। আজিকালি মাটি নাথাকিলেও মজিয়া বিক্ৰী কৰিব পাৰি। গতিকে আৱেগিক হৈ লাভ নাই। নিজৰ ইচ্ছাতে ইটাৰে সীমাত দেৱাল আৰু গেটখন দিয়াইছিলো।

 যি কি নহওক, গুৱাহাটীলৈ আহি পঁইত্ৰিশ বছৰে লগ নোপোৱা আপোন মানুহ, বন্ধু-বান্ধৱীক পাই উৎফুল্লিত হ’লো। সৰু খুড়াৰ জীয়েক তিনিজনী— ৰুবি, জলী, ৰাণীক কণ কণ দেখি গৈছিলো। ৰুবিৰ ইতিমধ্যে বঙাইগাঁৱৰ নামী মজুমদাৰ পৰিয়ালৰ অজিতৰ লগত বিয়া হোৱাই নহয় তিনিটা কণ কণ ল’ৰা-ছোৱালী— মামণি, বুবুল, ৰুমিৰ মাকো হ’ল। দিনবোৰ যে কেনেকৈ বাগৰে! পেহীৰ ছোৱালী তৰু আৰু তাইৰ গুণী স্বামী ডাঃ কবীন্দ্ৰ হুজুৰি, পেহীৰ ল’ৰা হৰ্ষ আৰু তেওঁৰ কামে-কাজে ৰূপে-গুণে অদ্বিতীয়া পত্নী ৰীণা আৰু কিমানক যে নেদেখাকৈ প্ৰবাসত আছিলো। বন্ধু-বান্ধৱীসকলো জানো কম আপোন। মণি, অনসূয়া, মালতী, তুলতুল, মইনাদা ( তিলক হাজৰিকা ) আৰু কমলাক লগ পোৱাৰ পাছত মোৰ বয়স পোন্ধৰ-ষোল্ললৈ নামি অহা যেন লাগিছিল।

 দৰাচলতে ছাত্ৰী জীৱনৰ বছৰকেইটাৰ বাহিৰে দীঘলীয়াকৈ বাস কৰিবলৈ এই প্ৰথম গুৱাহাটীলৈ আহিলো বুলি ক'ব পাৰি। আহিয়ে প্ৰথমতে গৈছিলো কটন কলেজ দৰ্শন কৰিবলৈ। ছোৱালীৰে গিজগিজাই থকা কলেজখন দেখি মুহূৰ্তৰ বাবে এটা ধাৰণা মোৰ মনৰ ওপৰেৰে বাগৰি যোৱা যেন পালো। এইখন ছোৱালী কলেজ হ’ল নেকি! পিছুৱাই গ'লো চল্লিশ-পঞ্চলিশটা বছৰ। আমি ১৯৪৭ চনত এইখন কলেজৰ বিজ্ঞান শাখাত ভৰ্তি হওঁতে আমাৰ শ্ৰেণীত ছাত্ৰীসংখ্যা আছিল ১৩। মুঠতে বিজ্ঞান-কলাকে লৈ কলেজখনতে ছোৱালীৰ সংখ্যা আছিল তাকৰ। অভিভাৱকে ল’ৰাৰ

১৩৮/ বাকীছোৱা জীৱন