পৃষ্ঠা:অনিমা গুহ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাছত শুনিছো নিউয়ৰ্ক ৰাজ্যৰ পাৰ্ক নাইবা আলিবাট এটাৰ নামকৰণ কৰা হৈছে জুপিটাৰৰ নামেৰে।

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকে কেতিয়াও নিৰাপত্তাহীনতাত ভোগা নাছিল। পৃথিৱীৰ অধিকাংশ দেশ পূব গোলাৰ্ধত। আমেৰিকাৰ পূব আৰু পশ্চিম দুয়োটা সীমা বিধৌত, যথাক্ৰমে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উত্তাল জলৰাশিৰে। উত্তৰ আৰু দক্ষিণ সীমাত দুখন বন্ধু ৰাষ্ট্ৰ। এনে সুৰক্ষিত আৱেষ্টনীত পশ্চিম গোলাৰ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাস ইত্যাদিৰ পৰা বহু নিলগত থাকি দিন কটাইছিল। উপসাগৰীয় আৰু ভিয়েটনাম আদি যিবোৰ যুদ্ধত আমেৰিকা লিপ্ত আছিল সেইবোৰ ঠাই মূল ভূখণ্ডৰ পৰা বহু দূৰৈত হোৱা হেতুকে সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি পোনপটীয়াকৈ হোৱা নাছিল। আনকি জাপানৰ সামৰিক শাসনে অতৰ্কিতে মাৰ্কিন নৌবাহিনীৰ ওপৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে য'ত আক্ৰমণ হানিছিল সেইখন ঠাই পাৰ্ল হাৰ্বাৰো মূল ভূ-খণ্ডৰ পৰা হেজাৰ হেজাৰ মাইল আঁতৰত সমুদ্ৰৰ মাজত অৱস্থিত হাৱাই দ্বীপপুঞ্জত। যুদ্ধ-বিগ্ৰহ, ইতিহাসৰ উত্থান-পতন অনাদি কালৰে পৰা সংঘটিত হৈ আছে পূব গোলাৰ্ধত। আমেৰিকাৰ সাধাৰণ অসামৰিক ৰাইজে এই প্ৰথম খুন্দা খালে। হঠাতে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণে তেওঁলোকক মানসিকভাৱে দুৰ্বল কৰিছিল। পিছে জাপানীসকলৰ দৰে আমেৰিকানসকলেও দুগুণ উছাহেৰে আকৌ নিজৰ ভৰিৰ ওপৰত থিয় দিছে। এটমবোমাত বিধ্বস্ত হিৰোশ্বিমা, নাগাছাকিৰ ধ্বংসৰ স্তূপৰ পৰা জাপানে ফিনিক্স পখীৰ দৰে উৰি আহি গঠন কৰিছে এক শক্তিশালী জাপান। প্ৰকৃতিও দেখিছো জাপানৰ প্ৰতি নিৰ্দয়। সম্প্ৰতি ছুনামী আৰু ভূমিকম্পৰ বিধ্বংসী প্ৰক্ৰিয়াৰ পাছতো কিন্তু কৰ্মপ্ৰিয় জাতিটোৰ মনোৱল অক্ষুণ্ণ হৈ আছে।

 যোৱা শতিকাৰ নব্বৈৰ দশকৰ প্ৰথমফালে পল্টনবজাৰত সংঘটিত বোমা বিস্ফোৰণৰ অভিজ্ঞতাৰ পাছত অসমত লানি নিছিগাকৈ দেখি আছো হত্যাকাণ্ড— কিছুমান গুপুতে, কিছুমান প্ৰকাশ্যে। তাৰ আগতে ১৯৮৩ চনত সংঘটিত কুখ্যাত নেলী হত্যাকাণ্ডৰ সময়ত আমি আছিলো কলকাতাত। শুনাৰ পাছত শৰীৰ-মন জঠৰ হৈ গৈছিল। বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত সঁচাই-মিছাই নানাধৰণৰ কাহিনী কাণত পৰিছিলহি। বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো আছিল গভীৰ। এই কথা উপলব্ধি কৰাৰ পাছতো আন্দোলনকাৰীসকলে বিদেশী বিতাড়ন কৰিবলৈ যি পথ লৈছিল তাক মুষ্টিমেয় কেইজনমানৰ মনঃপুত হোৱা নাছিল। এওঁলোকৰ মাজত এগৰাকী আছিল চিন্তাশীল,

১৫৮/ বাকীছোৱা জীৱন