পৃষ্ঠা:অনিমা গুহ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঁৰত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোক এতিয়া সমাজৰ আগশাৰীৰ ব্যক্তি।

 সিবাৰেই আছিল বোমা বিস্ফোৰণ আৰু তাৰ ফলাফলৰ সৈতে মোৰ প্ৰথম পোনপটীয়া চিনাকি। সিবাৰেই যদি শেষ হ'লহেঁতেন! পিছে পৃথিৱী ইমান সোনকালে সন্ত্ৰাসমুক্ত নহয়। বিশ্বৰ বীভৎসতম সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখিছো ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে নিউয়ৰ্কত, যিদিনা অল কায়দাৰ উৰাজাহাজৰূপী উৰন্ত বোমাৰ আঘাতত আমেৰিকাৰ গৌৰৱ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক গাঁথনিটো চকুৰ পচাৰতে ভাগি পৰিছিল। নিউয়ৰ্কৰ স্কাইলাইন উদং কৰি ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ গগণচুম্বী টাৱাৰ দুটা, যি দুটাৰ প্ৰতিটোৰ উচ্চতা আছিল এক চতুৰ্থাংশ মাইল লো আৰু কংক্ৰিটৰ ধ্বংসস্তূপত পৰিণত হৈছিল। টাৱাৰ দুটাত বিভিন্ন মহলাগামী তেইশটা এক্সপ্ৰেছ আৰু তেসত্তৰটা সাধাৰণ লিফ্টৰ ওপৰলৈ যোৱাবোৰ ধ্বংস হোৱাৰ পাছতো তলৰবোৰ ভালেমান সময় চালু হৈ নথকা হ’লে মৃত্যুৰ সংখ্যা ২,৮০১ তকৈ বেছি হ'লহেঁতেন। নিজৰ জীৱনৰ মায়া ত্যাগ কৰি উদ্ধাৰকাৰ্যত ব্ৰতী কৰ্তব্যপৰায়ণ ব্যক্তিসকলৰো বহুতৰে সিদিনা মৃত্যু হৈছিল। অগ্নিনিৰ্বাপক বিভাগৰ অনেকৰে জুইৰ প্ৰচণ্ড উত্তাপত মৃত্যুতো হৈছিলেই, অৰ্ধমৃত অৱস্থাতো কিছুমানে উভতিছিল ঘৰলৈ।

 মুহূৰ্তৰ ভিতৰতে ফোনবোৰ বিকল হোৱা বাবে সেই অঞ্চলত চাকৰি কৰা আমাৰ ল’ৰা-বোৱাৰীৰ চিনাকি মানুহৰ খবৰ কৰিব পৰা সম্ভৱ নহ'ল। ইতিমধ্যে আন কিছুমান খা–খবৰ পাই মাৰ্কিন নাগৰিকসকলৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। যাত্ৰী অনা-নিয়া কৰিবলৈ যি কেইখন বাছ চলিছিল তাত উঠিবলৈ কোনেও হেঁতা-ওপৰা কৰা নাই। লাইনত থিয় হৈ আছিল ধৈৰ্য ধৰি। মেয়ৰ, গৱৰ্ণৰ আৰু অন্যান্য নেতাসকল আছিল শান্ত, সমাহিত, ধৈৰ্যশীল। বিশেষকৈ মেয়ৰ জিউলিয়ানিয়ে যিদৰে নেতৃত্ব দিছিল তাৰ তুলনা নাই। প্ৰতিহিংসাৰ ফলস্বৰূপে লংকাকাণ্ড ঘটিব পাৰিলেহেঁতেন, যিদৰে হৈছিল ইন্দিৰা গান্ধী হত্যাৰ সময়ত। কিন্তু হোৱা নাই।

 আমাৰ এজনী ভাগিনী জুলি বৰদলৈৰ অফিচটো কোনোবা এটা টাৱাৰৰ ত্ৰিশ মহলাত। তাই আহি পোৱাৰ অলপ আগতে ঘটনা ঘটি যোৱা বাবে সিদিনা ৰক্ষা পাইছিল। পিছে মৃতসকলৰ মাজত আছিল এজন চিনাকি ডেকা, মণিপুৰৰ জুপিটাৰ ইয়ামবেম। তেওঁ নৰ্থ টাৱাৰৰ এশ সাত মহলাত থকা The Windows of the World নামৰ ৰেস্তোৰাঁখনৰ মেনেজাৰ আছিল। বাৰ্ড কলেজৰ অধ্যাপক সঞ্জীৱ বৰুৱাই আমাক এবাৰ জুপিটাৰৰ ঘৰলৈ লৈ গৈছিল। দুপৰীয়াৰ আহাৰ সাজ খাই মাৰ্কিন গাভৰু নেনচিৰ সৈতে ইম্ফলত অনুষ্ঠিত জুপিটাৰৰ বিয়াৰ ফটোবোৰ দেখিছিলো।

বাকীছোৱা জীৱন /১৫৭