পৃষ্ঠা:অনিমা গুহ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাক্ষাৎ নাই। এটা সময়ত বেল্টৰ গতি স্তব্ধ হ'ল, এজন যাত্ৰীও নাই। আন কোনো জনপ্ৰাণীও নাই। চকুপানী ওলাওঁ ওলাওঁ অৱস্থা এনেতে আঁতৰত দেখিলো গতিহীন কনভেয়াৰ্ছ বেল্টৰ শেষ সীমাত মোৰ চুটকেচটো। বাহিৰত মোৰ বাবে বাট চাই থকা অনিমেষো টেনশ্যনত ঘামি আছিল। দুয়ো ভাই-ভনীৰ দেখা-দেখি হোৱাৰ লগে লগে চকুপানী আৰু ঘাম মচি মনৰ আনন্দত হাঁহিবলৈ ধৰিলো। অৱশেষত শনি আৰু টেনশ্যনক বিমান বন্দৰতে এৰি অনিমেষৰ গাড়ীত লণ্ডন মহানগৰীৰ চহৰতলিৰে হ'লো স্কটলেণ্ডমুখী। সেইখিনিৰ পৰা তেওঁলোকৰ গ্লাছগোৰ ঘৰলৈ চাৰিশ মাইল বাট। পশ্চিমৰ দেশবোৰৰ হাইৱেবোৰ ইমান মসৃণ যে ভ্ৰমণত ক্লান্তি নাহে। অৱশ্যে আজিকালি ভাৰততো এনে উচ্চমানৰ বাট নোহোৱা নহয়। উদাহৰণস্বৰূপে মুম্বাই-পুনে হাইৱেৰ কথা ক’ব পাৰি। ইংলেণ্ডৰ পৰা স্কটলেণ্ডলৈ যাওঁতে বাটৰ দুয়োকাষে নয়নাভিৰাম দৃশ্য উপভোগ কৰি গৈছিলো। কাশ্মীৰলৈ মনত পৰিছিল। সমগ্ৰ স্কটলেণ্ডখনেই মনোমোহা।

 অনিমেষৰ পত্নী এ্যনে মোক কেউপিনে সিঁচৰতি হৈ থকা একাধিক সৰোবৰৰ পাৰলৈ লৈ গৈছিল। স্কটিশ ভাষাত লেকক কয় লক্ (Loch)। পশ্চিমৰ মানুহে জীৱনটো উপভোগ কৰিব জানে। বৰফৰ বতৰটো পাৰ হ'লেই ল’ৰা, বুঢ়া, ডেকা-ডেকেৰী সকলোৱে ঢাপলি মেলে নৌকা বিহাৰ কৰিবলৈ, কত ধৰণৰ যে নাও! দূৰদৰ্শনৰ কৃপাত আমি আজিকালি ঘৰতে বহি তেওঁলোকৰ নৌকা বিহাৰৰ দৃশ্য দেখিবলৈ পাওঁ। আমেৰিকাত জীৱনটো হাতত লৈ জয়-মনীষা আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীৰ লগত বিজুলীবেগেৰে চলা নাৱত উঠিছো। লেকবোৰক আকাৰত একোখন সমুদ্ৰ যেন লাগে। পাৰলৈ উভতি নহালৈকে বুকুৰ ধিপ্‌ধিপনি নুগুছে। পাৰতে বান্ধি ৰখা একোখন নাও ভাড়া কৰি গাড়ী ড্ৰাইভ কৰা দি এওঁলোকে যন্ত্ৰচালিত নাওবোৰ চলায়। সকলোৰে আনন্দ পণ্ড হয় বুলি মোৰ নিজৰ শংকাৰ কথা প্ৰকাশ নকৰো। য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। এবাৰ আমেৰিকাৰ ইপাৰ-সিপাৰ নেদেখা জৰ্জ লেকৰ মাজভাগত আমাৰ নাওখন লৰচৰ নকৰা হ'ল। বহু চেষ্টা কৰিও জয়ে এক ইঞ্চিও আগবাঢ়িব নোৱাৰিলে। ইতিমধ্যে দূৰৈত দেখিলো ভ্ৰমণবিলাসী কেইজনমান চাহাব আৰু মেমৰ নাও এখন। আমি হাতবাউলি তেওঁলোকক মতাত ওচৰ চাপি আহি আমাৰ নাওখনক ৰচিৰে বান্ধি পাৰলৈ লৈ গ'ল। মেম দুজনীও কম সাহসী নহয় দেই। ইখন নাৱৰ পৰা সিখনলৈ জাঁপ মাৰি গৈ ৰচি বন্ধা দেখি তবধ মানিছিলো। পাৰলৈ অহাৰ পাছত নাও কোম্পানীৰ মানুহে পৰীক্ষা কৰি দেখিলে নাওৰ ওপৰতে

বাকীছোৱা জীৱন / ১৪৯