পৃষ্ঠা:অনিমা গুহ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কলেজ ষ্ট্ৰীটৰ দুয়োকাষে থকা পুৰণি কিতাপৰ দোকানবোৰ চাবলগীয়া। এবাৰ নৱনীতা দেৱসেনে হেনো তেনে এখন দোকানত পুৰণি কিতাপ চাওঁতে চাওঁতে পালে কোনোবা খ্যাতনামা লেখকে তেওঁৰ মাক-দেউতাকক উপহাৰ হিচাপে দিয়া এখন কিতাপ। তেওঁতো ঘৰৰ কোনো কিতাপ বেচা নাছিল, তেনেহ'লে এইখন দোকানলৈ আহিল কেনেকৈ? তেওঁ গম নাপালেও আমি অলপ ঠাৱৰ কৰিব পাৰিছিলো যেন লাগে। নৱনীতাৰ জীয়েকৰ বাবে কে জি বাবু নামৰ ঘৰুৱা শিক্ষক এগৰাকীক বন্দৱস্ত কৰি দিছিলো বুলি কোৱা হৈছে। তেওঁ কৈছিল নৱনীতাহঁতৰ ঘৰত কিতাপ থ’বলৈ ঠাই নথকা যেন লাগে। বহু কিতাপ হেনো মজিয়াতে পৰি থাকে। কাম কৰা মানুহে কয়লাৰ চৌকা জ্বলাবলৈ মজিয়াৰ পৰা কিতাপ-পত্ৰ টানি নিয়া তেওঁ দেখিছে। গতিকে সিহঁতে কিছুমান কিতাপ কিলো দৰে বেচা নাই বুলি কোনে ক’ব পাৰে! সাহিত্যিকগৰাকীয়ে দিয়া কিতাপখন খুব সম্ভৱ তেনেকৈয়ে গৈ কলেজ ষ্ট্ৰীট পালে।

 নৱনীতাৰ দেউতাক কবি নৰেন্দ্ৰ দেৱৰ জন্ম ১৮৮৮ চনত আৰু মৃত্যু ১৯৭১ত। মাক কবি ৰাধাৰাণী দেৱীৰ জন্ম ১৯০৩ চনত আৰু মৃত্যু ১৯৮৯ চনত। এটা সুসংস্কৃত পৰিয়ালৰ দীৰ্ঘজীৱী দম্পতীহালে কিমান কিতাপ গোটাইছে তাৰ লেখজোখ নাই। তাৰ লগত যোগ হৈছে নৱনীতা আৰু তেওঁৰ দুই কন্যাৰ কিতাপ-পত্ৰ। গতিকে যিমানে ঘৰটো ডাঙৰ নহওক কিতাপ থ’বলৈ ঠাইৰ অভাৱ হ’বই।


এতো ভংগ বংগদেশ, তবু কতো ৰংগ

 কলকাতাৰ মানুহ সাধাৰণতে ৰসিক হয়। অতি সাধাৰণ মানুহৰ মাজতো ৰসবোধ দেখিলে আচৰিতেই লাগে। কলকাতাৰ বাছত গৰমৰ দিনতো ঠেলা-হেঁচা কৰি থিয় হৈ যোৱা মানুহৰ মনত ৰস শুকাই নাযায়। কণ্ডাক্টৰে বাছত নতুন নতুন যাত্ৰী তুলি যদি কয়— ‘দাদা, পিছফালে যাওক, বহু ঠাই আছে।’ যাত্ৰীসৱে খং-ৰাগ নকৰি হয়তো ক’ব— ‘গৈ আছো, পিছফালে গড়েৰ মাঠ আছেতো তাত হাৱা খাবলৈ যাওঁ বলা।’ কলকাতাৰ বিখ্যাত পথাৰ এখনৰ নাম গড়েৰ মাঠ।

 পাচলিৰ বজাৰতো বেপাৰীবোৰৰ কথা-বতৰাত কি যে ৰস! এদিন বজাৰত সোমায়ে দেখিলো নেমু বেচোতাই গ্ৰাহকক আকৰ্ষণ কৰি আছে অংগিভংগি কৰি কবিতা এশাৰী গাই— গাছেৰ লেবু মাছেৰ ঝোলে, কাতলা মাছেৰ (ভকুৱা) পাতলা ঝোলে।’ আমিও তাৰ ওচৰলৈ গৈ নেমু কিনিলো। সদায় একেশাৰী বাক্য নকয়। তৰমুজ

১৩০ / বাকীছোৱা জীৱন