পৃষ্ঠা:অনিমা গুহ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দূৰাৰোগ্য ৰোগৰ বলি হৈ ইহ-সংসাৰৰ পৰা বিদায় লোৱাৰ পাছত বান্ধৱীক বিয়া কৰায়। দেউতাহঁতৰ অলপো ইচ্ছা নাছিল ছোৱালী এজনী থকা মানুহটোলৈ জীয়েকক বিয়া দিয়াৰ। পিছে তাৰ পাণ্ডিত্যত ভোল গৈ ঘৰৰ অমতত বিয়া কৰাই মানুহটোৰ পাণ্ডিত্যৰ ফোপোলা স্বৰূপটো দেখি তাই মোহমুক্ত হ’ল। অৱশেষত বিবাহ-বিচ্ছেদ। তেওঁৰ প্ৰাক্তন পত্নীৰ ঘৰত আছো বুলি শুনি ফোপোলা স্বৰূপটো মোৰ আগত আকৌ এবাৰ উদঙালে। তেতিয়াৰে পৰা কোনো পণ্ডিত নামৰ ব্যক্তিকে এশৰ ভিতৰত এশ নম্বৰ নিদিওঁ।

 মানুহৰ মগজুৰ কম্পিউটাৰটোত কিমান পুৰণি কথা অমলিন হৈ থাকে ভাবিলে আচৰিত হওঁ। উল্লিখিত ঘটনাটো কোৱাৰ লগে লগে সাউৎ কৰে ওলাই আহিল আন এটা ঘটনা। এই ঘটনাৰ নায়ক নিজৰ বিষয়টোত একাণপতীয়াকৈ মনোনিবেশ কৰি থকা এগৰাকী গৱেষক আৰু কেইবাখনো কিতাপৰ গ্ৰন্থাকাৰ। তেওঁ সঞ্চালনা কৰা গৱেষণাগাৰত পিয়নৰ পৰা আৰম্ভ কৰি অফিচ ষ্টাফ তথা জুনিয়ৰ স্কলাৰসকলৰ মাজত মৃদুভাষী ব্যক্তিজন আছিল অত্যন্ত জনপ্ৰিয়। এনে ভদ্ৰ ব্যৱহাৰ, মাৰ্জিত ৰুচি, শিষ্টাচাৰ কম মানুহৰ গাতহে দেখিবলৈ পোৱা যায়। তেওঁ সাধাৰণ পিয়ন বা ঝাড়ুদাৰজনকো আপুনি বুলি সম্বোধন কৰিছিল। তেওঁৰ পৰিবাৰো তেওঁৰ দৰেই এগৰাকী নিষ্ঠাৱান গৱেষিকা। এদিন তেওঁৰ আগত তেওঁৰ স্বামীক স্থিতপ্ৰজ্ঞ ব্যক্তি হিচাপে প্ৰশংসা কৰিবলৈ মুখখন মেলিছিলোহে, খঙত জ্বলি পকি উঠি মানুহগৰাকীয়ে ক'লে— ‘All that glitters is not gold.। সেই ভদ্ৰ-সভ্য মুখাখনৰ আঁৰত দীৰ্ঘদিন ধৰি জমা হৈ থকা কুমতলব আৰু অত্যাচাৰবোৰ ঘৰৰ ল'ৰা-ছোৱালী আৰু মোৰ ওপৰত প্ৰয়োগ কৰে। আমি হ’লো তেওঁৰ Safety valve. কোনোবাই স্কুলত পঢ়া জীয়েকক পৰ্দাৰ ৰডডালেৰে কোবাবলৈ যোৱা কাৰোবাক দেখিছেনে? ঘৰত সি এটা terror.’ আৰু বহুতো কিবাকিবি বকি থাকিল মানুহজনীয়ে। কিমান জাতৰ মানুহক যে লগ পালো এই জীৱনত। দেখাত যেনেকৈ কোনো মানুহ একে নহয়, স্বভাৱতো একেই অমিল পৰিলক্ষিত হয়।

 কলকাতাৰ নাটক-জলসা আদিৰ নিচা মোৰেই নহয় পুত্ৰ জয়ৰো আছিল। ঘৰত আছিল মীনা নামৰ মোক ঘৰুৱা কামত সহায় কৰা ছোৱালী এজনী। তাইক দুবাৰমান নাটক দেখুৱাইছিলো যদিও সদায় নিবলৈ ভাল লগা নাছিল। জয় তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। মীনাক ফাঁকি দি কৈছিলো দাদাক টিউচনলৈ লৈ যাওঁ বুলি৷ বছৰটো

১২৮/ বাকীছোৱা জীৱন