পৃষ্ঠা:অনিমা গুহ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰে ১৯০১ চনত বোলপুৰত স্থাপন কৰা শান্তি নিকেতন আশ্ৰমৰ সম্প্ৰসাৰণ ঘটাই প্ৰতিষ্ঠা কৰা ৰবীন্দ্ৰনাথৰ দ্বিতীয় গৃহ তথা তেওঁৰ মানস সন্তান শান্তি নিকেতনলৈ কেইবাবাৰো গৈছো। কিন্তু কবিৰ ল’ৰালি কালৰ স্মৃতি বিজড়িত জোড়াসাঁকোৰ ঠাকুৰবাড়ীয়ে মোক অধিক আকৰ্ষণ কৰে।

 শান্তি নিকেতনত এবাৰ মোৰ এটা চৰম দুৰ্ভাগ্যজনক অভিজ্ঞতা হৈছিল। আমাৰ মনত কেনেবাকৈ এটা বিশ্বাস জন্মে যে শিক্ষিত, বিশেষকৈ অগাধ পাণ্ডিত্য অৰ্জন কৰা মানুহ যুক্তিবাদী হয়। আবেগ-অনুভূতিক দমাই ৰাখিব পাৰে। তাতে যদি তেওঁ কোনোবা খ্যাতনামা কলেজ-বিশ্ববিদ্যালয়ত শিক্ষাৰ্জন কৰি তেনে ধৰণৰে নামী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে আৰু নিজকে মাৰ্ক্সীয় দৰ্শনেৰে প্ৰভাৱিত বুলি জহাই ফুৰে তেনেহ'লে তেওঁক আমি সভ্য-ভব্য আৰু মাৰ্জিত ৰুচিসম্পন্ন বুলি ধৰি লওঁ। লওঁ নহয়, এটা বয়সত লৈছিলো। জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই মোক শিকাইছে যে অনেকৰ ক্ষেত্ৰত appearences are deceiptive। শিক্ষাৰ পোহৰ নোপোৱা মানুহো অত্যন্ত ৰুচিবান আৰু মাৰ্জিত হ’ব পাৰে, আবেগ-অনুভূতি দমাই ৰাখিব পাৰে।

 পণ্ডিত বুলি জনাজাত মানুহো যে আচৰণ আৰু ব্যৱহাৰত অতি দুখলগাকৈ অভদ্ৰ হ’ব পাৰে তাৰ উদাহৰণ পাইছিলো শান্তি নিকেতনত। এবাৰ জয় আৰু মই মোৰ বান্ধৱী আৰু তেওঁৰ জীয়েক দুজনীৰ সৈতে শান্তি নিকেতনলৈ গৈ তেওঁলোকৰ ঘৰতে কেইদিনমান আছিলো। বান্ধৱী অধ্যাপিকা। উভতি অহাৰ দুদিনমান আগতে উল্লিখিত মহাপণ্ডিত অধ্যাপকজনৰ লগত জয়ে-ময়ে দেখা কৰিবলৈ গ'লো। আমাক দেখি উচ্ছসিত। কথা-বতৰা পতাৰ পাছত সেই নিশা তেওঁৰ ঘৰতে ভাত-সাজ খাবলৈ ক’লে। ময়ো নিমন্ত্ৰণ গ্ৰহণ কৰি বহাৰ পৰা উঠিবলৈ যো-জা কৰিছো, তেনেতে সুধিলে ক’ত আছো আমি। বান্ধৱীৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে মানুহজন নিজেই এটা জীৱন্ত বোমাত পৰিণত হ'ল। দি দিক্‌বিদিক জ্ঞান শূন্য মানুহজনে এনে আচৰণ প্ৰদৰ্শন কৰিলে যে ছিটিকি ওলাই আহি নিজকে বিস্ফোৰণৰ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পোৱা যেন লাগিল। আৰু অলপ সময় তাত থকা হ’লে কিজানি নেলু চেপি ধৰিলেহেঁতেন। ৰাতিৰ আহাৰ দূৰ অস্ত, গাত যে হাত নুতুলিলে সেয়েই ভাগ্য।

 ফোপাই-জোপাই বান্ধৱীৰ ঘৰলৈ আহি কথাষাৰ কোৱাত তাই ক'লে— ‘দেশত আইন নাই নেকি, তোমাৰ গাত হাত তুলিলে যাৱজ্জীৱন কাৰাবাসৰ ব্যৱস্থা কৰিলোহেঁতেন চয়তানটোৰ’। পণ্ডিতপ্ৰবৰৰ দ্বিতীয়া পত্নী আছিল বান্ধৱী৷ প্ৰথমগৰাকী কলকাতাৰ অতি খ্যাতনামা চহকী তথা শিক্ষিত পৰিয়ালৰ জীয়াৰী আছিল। তেওঁ

বাকীছোৱা জীৱন / ১২৭